যোৰহাটত চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা আগষ্ট পৰ্যন্ত আঠ মাহত মুঠ ৫০ টাকৈ ড্ৰাগছৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন
যোৰহাট, ২৩ আগষ্ট (হি.স.)। যোৰহাট জিলাৰ বাবে এক উদ্বেগৰ খবৰ। ২০২৬ ৰ জানুৱাৰীৰ পৰা আগষ্ট পৰ্যন্ত আঠ মাহত সমগ্ৰ জিলাখনত মুঠ ৫০ টাকৈ ড্ৰাগছৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন হৈছে আৰু ৭০ জনকৈ ড্ৰাগছৰ চক্ৰৰ সৈতে জড়িত যুৱক-যুৱতীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইফালে সদ
যোৰহাটত চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা আগষ্ট পৰ্যন্ত আঠ মাহত মুঠ ৫০ টাকৈ ড্ৰাগছৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন


যোৰহাট, ২৩ আগষ্ট (হি.স.)। যোৰহাট জিলাৰ বাবে এক উদ্বেগৰ খবৰ। ২০২৬ ৰ জানুৱাৰীৰ পৰা আগষ্ট পৰ্যন্ত আঠ মাহত সমগ্ৰ জিলাখনত মুঠ ৫০ টাকৈ ড্ৰাগছৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন হৈছে আৰু ৭০ জনকৈ ড্ৰাগছৰ চক্ৰৰ সৈতে জড়িত যুৱক-যুৱতীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইফালে সদ্য সংঘটিত যোৰহাটৰ অন্বেষা শইকীয়াৰ মৃত্যুৰ পাছত এতিয়া সমগ্ৰ জিলাখনৰ সচেতন মহল অভিভাৱকসকল চিন্তিত হৈ পৰিছে।

ইপিনে যোৱা ১৫ টা বছৰে নিজৰ গাঁঠিৰ ধনেৰে সমগ্ৰ অসমতে ড্ৰাগছৰ বিৰুদ্ধে এককভাৱে সজাগতা অভিযান চলোৱা মৰিয়নি সমষ্টিৰ অন্তৰ্গত চেলেংহাটৰ তুষাৰ পালে নিজৰ গৃহ জিলাৰ এই অৱস্থা দেখি আজি হতাশ হৈ পৰিছে। ৬০ ৰ উৰ্ধৰ এইগৰাকী সমাজ সচেতকে ড্ৰাগছৰ বিৰুদ্ধে বিভিন্ন সময়ত চুটি ছবি, গ্ৰন্থ, নাটক, সভা আদি অনুষ্ঠিত কৰাৰ লগতে বিভিন্ন অঞ্চলত ৰাইজৰ ঘৰে ঘৰে গৈ সজাগতা পত্ৰ বিতৰণ কৰি আহিছে

সময়ে সময়ে চৰকাৰকো ইয়াৰ ভয়াবহতাৰ বিষয়ে অৱগত কৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাই আহিছে যাৰ ফলস্বৰূপে বিভিন্ন দল-সংগঠনৰ লগতে শেহতীয়াকৈ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰাও স্বীকৃতি পাবলৈ সক্ষম হৈছে এইগৰাকী ব্যক্তিয়ে।

হতাশ তুষাৰ পালে আজি দুটা আহ্বান জনাই তেওঁ কৈছে যে স্বীকৃতি বহুত পালো পিছে একো লাভ হোৱা নাই । সেয়ে প্ৰথমে ড্ৰাগছৰ অবাধ প্ৰচলনৰ ক্ষেত্ৰত চৰকাৰে বৰ্হিৰাজ্যৰ সীমান্ত অঞ্চলত কটকটীয়া পহৰা দিব লাগিব আৰু যুৱচামৰ অভিভাৱক সমাজ সচেতন হ'ব লাগিব।

অভিভাৱকসকলক সচেতন হ'লে তুলনামূলকভাৱে ড্ৰাগছৰ প্ৰচলন হ্ৰাস পাব বুলি তেওঁ আশাবাদী।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande