
গুৱাহাটী, ২৩ আগষ্ট (হি.স.)। নতুন প্ৰজন্মক অসমৰ পৰম্পৰাগত ক্ৰীড়াৰ সৈতে চিনাকি কৰাই দিয়াৰ প্ৰয়াস।
ডিমৰীয়াৰ মালয়বাৰীত সদৌ অসম ভিত্তিত নাওখেল প্ৰতিযোগিতাৰ আয়োজন।
অহা ১২ চেপ্টেম্বৰত গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা। প্ৰাইজমানি হিচাপে আগবঢ়াব ত্ৰিশ হেজাৰ, বিশ হেজাৰ নগদ ধন আৰু ট্ৰফী।
লগতে প্ৰতিটো অংশগ্ৰহণকাৰী দললৈ আগবঢ়োৱা হ'ব সাত হেজাৰ টকাকৈ নগদ ধন। কলঙৰ বুকুত নৈসৰ্গিক পৰিৱেশত প্ৰায় আঢ়ৈ কিলোমিটাৰযোৰা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব প্ৰায় কুৰিটি দলে।
মালয়বাৰীৰ মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱ নামঘৰৰ হীৰক জয়ন্তী উপলক্ষে আয়োজন কৰা হৈছে এই নাওখেল প্ৰতিযোগিতা।
হিন্দুস্থান সমাচাৰ / Narayan Kar