ঢকুৱাখনাত খাদ্যত বিষক্ৰিয়া ঘটি ১০ জনকৈ ব্যক্তি অসুষ্ঠ
লক্ষীমপুৰ, ২৩ আগষ্ট (হি.স.)। গাহৰি মাংস খাই ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি প্ৰায় ১০ জনকৈ ব্যক্তি। মূৰ ঘূৰণী , বমি , জ্বৰ, পেটৰ বিষ আৰু পেটৰ অসুখত আক্ৰান্ত হৈছে ৰোগী সকল। আক্ৰান্তৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে
ঢকুৱাখনাত খাদ্যত বিষক্ৰিয়া ঘটি ১০ জনকৈ ব্যক্তি অসুষ্ঠ


লক্ষীমপুৰ, ২৩ আগষ্ট (হি.স.)। গাহৰি মাংস খাই ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি প্ৰায় ১০ জনকৈ ব্যক্তি। মূৰ ঘূৰণী , বমি , জ্বৰ, পেটৰ বিষ আৰু পেটৰ অসুখত আক্ৰান্ত হৈছে ৰোগী সকল। আক্ৰান্তৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

স্থানীয় ৰাইজে প্ৰকাশ কৰা অনুসৰি গাহৰি মাংস খিনিতে কোনো বিজানু আছিল অথবা গৰমতে মাংস খিনি নষ্ট হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে।নষ্ট হোৱা গাহৰি মাংস খাই একাংশ ৰাইজ অসুষ্ঠ হৈ পৰা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande