
শোণিতপুৰ, ২৩ আগষ্ট (হি.স.)। শোণিতপুৰ জিলাৰ বালিপৰাত এটা পুৰুষৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।বালিপৰা ভালুকপুং ৰেলপথৰ বামগাঁওৰ ৰেলৱে অভাৰব্ৰীজৰ সমীপত উদ্ধাৰ হয় মৃতদেহটো।
দীঘলী বালিজানৰ এজন ব্যক্তিয়ে উৱলি যোৱা মৃতদেহটো প্ৰত্যক্ষ কৰি চাৰিদুৱাৰ আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে । মৃতদেহটো বালিপৰাৰ দীঘলী বালিজানৰ প্ৰান্তোষ মণ্ডল বুলি চিনাক্ত কৰা হৈছে । জানিব পৰা মতে,যোৱা ১৭ তাৰিখৰ পৰা নিখোজ হৈ আছিল যুৱকজন ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু