টিংখাঙত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য।
ডিব্ৰুগড়, ২৩ আগষ্ট (হি.স.)। টিংখাঙত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। টিংখাঙৰ ৰাজগড় চাহ বাগিচাৰ মাজত উদ্ধাৰ হৈছে এটা মৃতদেহ। মৃতদেহটো ২ নং ন-ভকতীয়া গাঁৱৰ মাইনা দাসগুপ্তা ( ৪০ ) বুলি চিনাক্ত কৰা হৈছে। নিশা ঘৰৰ পৰা এখন টাৱেল পিন্ধি ওলাই আহিছিল মৃত ব্য
টিংখাঙত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য।


ডিব্ৰুগড়, ২৩ আগষ্ট (হি.স.)। টিংখাঙত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। টিংখাঙৰ ৰাজগড় চাহ বাগিচাৰ মাজত উদ্ধাৰ হৈছে এটা মৃতদেহ। মৃতদেহটো ২ নং ন-ভকতীয়া গাঁৱৰ মাইনা দাসগুপ্তা ( ৪০ ) বুলি চিনাক্ত কৰা হৈছে।

নিশা ঘৰৰ পৰা এখন টাৱেল পিন্ধি ওলাই আহিছিল মৃত ব্যক্তিজন। পুৱা ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটোৰ দেহৰ মুখৰ পৰা ফেন ওলাই থকা প্ৰত্যক্ষ কৰা হৈছে। দেহত অন্য কোনো আঘাতৰ চিন স্পষ্ট হোৱা নাই। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande