
মেকে (অষ্ট্ৰেলিয়া), ২৩ আগষ্ট (হি.স.)। মেকেৰ গ্ৰেট বেৰিয়াৰ ৰিফ এৰিনাত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্টত মিচেল ষ্টাৰকৰ মাৰাত্মক বলিঙৰ ওপৰত নিৰ্ভৰ কৰি দেওবাৰে অষ্ট্ৰেলিয়াই বাংলাদেশক এটা ইনিংছ আৰু ৫১ ৰাণত পৰাস্ত কৰে। এই জয়েৰে অষ্ট্ৰেলিয়াই দুখন মেচৰ টেষ্ট শৃংখলা ১-১ গ’লত সমতা স্থাপন কৰে। প্ৰথমখন টেষ্টত বাংলাদেশে ৯ উইকেটত জয়লাভ কৰিছিল যদিও দ্বিতীয়খন মেচত অষ্ট্ৰেলিয়াই সম্পূৰ্ণৰূপে আধিপত্য বিস্তাৰ কৰে।
অষ্ট্ৰেলিয়াৰ জয়ৰ আটাইতকৈ ডাঙৰ নায়ক আছিল মিচেল ষ্টাৰক। দ্বিতীয়খন মেচত মুঠ ১০টা উইকেট দখল কৰি খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে । ষ্টাৰকে ছিৰিজখনত দেখুওৱা অসাধাৰণ প্ৰদৰ্শনৰ বাবে প্লেয়াৰ অৱ দ্য ছিৰিজৰ বঁটাও লাভ কৰে। তেওঁ দুখন মেচত মুঠ ১২টা উইকেট দখল কৰে।
মাত্ৰ দুদিনৰ ভিতৰতে দ্বিতীয়খন টেষ্টৰ সিদ্ধান্ত। দ্বিতীয় দিনা দেওবাৰে অষ্ট্ৰেলিয়াই ৮ উইকেটত ১৬৫ ৰানত পুনৰ ইনিংছ আৰম্ভ কৰি ২১০ ৰানত অল আউট হৈ প্ৰথম ইনিংছত বাংলাদেশৰ বিৰুদ্ধে ১৪৬ ৰানৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰে। অষ্ট্ৰেলিয়াৰ হৈ কেমেৰন গ্ৰীনে ১০৫টা বলত ৬৭ ৰান সংগ্ৰহ কৰে। ষ্টিভ স্মিথে ৪২, নাথান লায়নে ৩২ আৰু ট্ৰেভিছ হেডে ২২ ৰান সংগ্ৰহ কৰে।
বাংলাদেশৰ হৈ শ্বোৰিফুল ইছলামে ৭টা উইকেট দখল কৰাৰ বিপৰীতে টাস্কিন আহমেদ, টাইজুল ইছলাম, আৰু মেহিদী হাছান মিৰাজে এটাকৈ উইকেট দখল কৰে।
১৪৬ ৰান পিছ পৰি থকাৰ পাছত দ্বিতীয় ইনিংছত বেটিং কৰা বাংলাদেশে অষ্ট্ৰেলিয়াৰ বেগী বলিঙৰ বিৰুদ্ধে পুনৰবাৰ অসহায় যেন দেখা গ’ল। সমগ্ৰ দলটোৱে ৩৮.৩ অভাৰত মাত্ৰ ৯৫ ৰান সংগ্ৰহ কৰি এটা ইনিংছ আৰু ৫১ ৰাণত পৰাস্ত হয়।
বাংলাদেশৰ হৈ অধিনায়ক নাজমুল হোছেইন শান্তোৱে সৰ্বাধিক ৩১ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে মুছফিকুৰ ৰহিমে ২৯ ৰান কৰি অপৰাজিত হৈ থাকে।এই দুজনৰ বাহিৰে আন কোনো বেটছমেনে ১০ ৰানৰ সীমাও লাভ কৰিব নোৱাৰিলে।
অষ্ট্ৰেলিয়াৰ হৈ দ্বিতীয় ইনিংছত ষ্টাৰকে ৪টা উইকেট দখল কৰাৰ বিপৰীতে অধিনায়ক পেট কামিন্স আৰু নাথান লায়নে তিনিজনকৈ বেটছমেনক আউট কৰে।
ইয়াৰ পূৰ্বে বাংলাদেশৰ প্ৰথম ইনিংছ মাত্ৰ ৬৪ ৰানলৈ হ্ৰাস পাইছিল। দলটোৰ আৰম্ভণি ইমানেই বেয়া আছিল যে ২১ ৰানৰ স্ক’ৰত ৬টা উইকেট হেৰুৱাইছিল৷ শীৰ্ষ ছয় বেটছমেনৰ ভিতৰত চাৰিজনে একাউণ্টো খুলিব নোৱাৰিলে। লোয়াৰ অৰ্ডাৰৰ বেটছমেনসকলে কেনেবাকৈ দলটোক ৬৪ ৰানলৈ লৈ যাবলৈ সক্ষম হয়।
অষ্ট্ৰেলিয়াৰ হৈ প্ৰথম ইনিংছত ষ্টাৰকে ৬টা উইকেট দখল কৰাৰ বিপৰীতে পেট কামিন্সে তিনিটা আৰু জোছ হেজলউডে এটা উইকেট দখল কৰে।
ছিৰিজৰ ফলাফল
প্ৰথম টেষ্টঃ বাংলাদেশে ৯ উইকেটত জয়লাভ কৰে।
দ্বিতীয় টেষ্টঃ অষ্ট্ৰেলিয়াই এটা ইনিংছ আৰু ৫১ ৰানত জয়লাভ কৰে।
দুখন মেচৰ শৃংখলা: ১-১ ব্যৱধানত সমতা।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ