মুখ্যমন্ত্ৰীৰ বিৰোধিতা কৰিব লাগে বাবেই কিছুমানে ইক' চেনচিটিভ জ'নৰ বিৰোধিতা কৰিছে–জিতেন গগৈ
গোলাঘাট, ২৩ আগষ্ট (হি.স.)। কাজিৰঙাৰ ইক'' চেনচিটিভ জ''নৰ বিৰোধিতা কৰাক লৈ সৰৱ হৈ পৰিছে প্ৰাক্তন বিধায়ক জিতেন গগৈ। তেঁও কয় যে মুখ্য মন্ত্ৰীক বিৰোধিতা কৰিব লাগে বাবেই কিছুমানে ইক'' চেনচিটিভ জ''নৰ বিৰোধিতা কৰিছে। ইক'' চেনচিটিভ জ''নৰ প্ৰকৃত ব্
মুখ্যমন্ত্ৰীৰ বিৰোধিতা কৰিব লাগে বাবেই কিছুমানে ইক' চেনচিটিভ জ'নৰ বিৰোধিতা কৰিছে–জিতেন গগৈ


গোলাঘাট, ২৩ আগষ্ট (হি.স.)। কাজিৰঙাৰ ইক' চেনচিটিভ জ'নৰ বিৰোধিতা কৰাক লৈ সৰৱ হৈ পৰিছে প্ৰাক্তন বিধায়ক জিতেন গগৈ। তেঁও কয় যে মুখ্য মন্ত্ৰীক বিৰোধিতা কৰিব লাগে বাবেই কিছুমানে ইক' চেনচিটিভ জ'নৰ বিৰোধিতা কৰিছে। ইক' চেনচিটিভ জ'নৰ প্ৰকৃত ব্যাখ্যা নজনাকৈয়ে কিছুমান দলে কাজিৰঙাত হুলস্থুল কৰি আছে বুলিও প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে মন্তব্য় কৰে ।

মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যাবৰণ স্পৰ্শ কাতৰ এলেকাৰ সীমা ১০ কি: মি: ৰ পৰা ১ কি: লৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰাৰ পাছতে কিছু ৰাজনৈতিক দল আৰু ব্যক্তিবিশেষে বিৰোধিতা কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে। সংবাদ মাধ্যমৰ আগত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আৰু মুখ্য মন্ত্ৰীৰ পদক্ষেপক আদৰণি জনায়। লগতে কাজিৰঙাৰ জীৱ সুৰক্ষা আৰু কাজিৰঙাৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ জনসাধাৰণৰ জীৱন জীৱিকাৰ সুৰক্ষাৰ বাবে এক নীতি প্ৰস্তুত কৰি ইএছজেড (ESZ) বলবৎ কৰিবলৈ মুখ্য মন্ত্ৰীক আহ্বান জনায় বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande