
শোণিতপুৰ, ২৩ আগষ্ট (হি.স.): শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ কুসুমটোলাৰ দীপাটোলা গাঁৱৰ এগৰাকী যুৱক সন্ধানহীন হৈ পৰিছে ৷ যোৱা শুক্রবাৰৰ পৰা সন্ধানহীন হৈ পৰা যুৱকগৰাকীৰ নাম মনোজ চেত্ৰী বুলি জানিব পৰা গৈছে ৷
ইফালে জীয়াভৰলী নদীৰ চকিঘাট দলঙৰ সমীপৰ গাইড বান্ধৰ ওপৰত উদ্ধাৰ কৰা হয় যুৱকজনে চলাই অহা এএছ ৩২ ৩১০২ নম্বৰৰ স্কুটি এখন আৰু মানিবেগ ৷ যুৱকজনে জীয়াভৰলী নদীত জাপ দিয়াৰ সন্দেহ কৰিছে ৰাইজে ৷ নদীৰ বুকুত এছডিআৰএফ বাহিনীৰ লোকেও চলালে অভিযান ৷ ২ ঘন্টা ধৰি চলোৱা অভিযানৰ সময়ত নাপালে কোনো শুংসূত্ৰ ৷ আজি উদ্ধাৰকাৰী দলে পুনৰ অভিযান চলোৱাৰ সম্ভাৱনা আছে । উল্লেখ্য় যে উদ্ধাৰ অভিযানৰ সময়ত নদী ঘাটত স্থানীয় বিধায়ক পদ্ম হাজৰিকাও উপস্থিত আছিল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ