
ধুবুৰী, ২৩ আগষ্ট (হি.স.): ধুবুৰী জিলাৰ বিলাসীপাৰাৰ সন্তোষপুৰ, চৰুৱাবাখাৰাত অৱস্থিত আদানি তাপ বিদ্যুৎ প্ৰকল্পত চাকৰিৰ নামত প্ৰৱঞ্চনাৰ জাল মেলি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। প্ৰৱঞ্চক চক্ৰই সুৰক্ষা কৰ্মী (Security Guard)ৰ চাকৰিৰ দাম নিৰ্ধাৰণ কৰিছে ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকা লৈ।
আদানি তাপ বিদ্যুৎ প্ৰকল্পত চাকৰি দিয়াৰ নামত দুষ্ট চক্ৰই পাইকৰী হাৰত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। চাকৰি বিচৰা যুৱকৰ পৰা ধন লবলৈ আহি আৰক্ষীৰ জালত পৰিছে প্ৰৱঞ্চক। বিলাসীপাৰা আৰক্ষীয়ে আটক কৰিছে ধৃত ছাকমান আলীক। চক্ৰটোৰ লগত আদানি তাপ বিদ্যুৎ প্ৰকল্পৰ একাংশ কৰ্মচাৰী জড়িত থকাৰো অভিযোগ উত্থাপন হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বিলাসীপাৰা আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ