
গুৱাহাটী, ২৩ আগষ্ট (হি.স.)। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে আমি অবৈধ অনুপ্রৱেশৰ বিৰুদ্ধে সদায় সজাগ আৰু আগলৈও সজাগ হৈ থাকিম ৷
অসমত সন্দেহজনক দৰ্শনাৰ্থীৰ বাবে কোনো স্থান নাই বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে । তেওঁ উল্লেখ কৰে যে যোৱা নিশা দক্ষিণ ছালমাৰা জিলাত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা ছয়জন ব্যক্তিক চিনাক্ত কৰি তেওঁলোকৰ অনুপ্ৰৱেশ বন্ধ কৰা হৈছে। লগতে তেওঁলোকক পুনৰ চুবুৰীয়া দেশলৈ বিতাড়িত কৰা হয়। মুখ্যমন্ত্রীয়ে কোনো দেশৰ নাম উল্লেখ নকৰাৰ বিপৰীতে দক্ষিণ ছালমাৰাৰ চুবুৰীয়া বাংলাদেশৰ সৈতে সীমান্ত ভাগ হোৱাটো স্পষ্ট৷
মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে অনুপ্ৰৱেশকাৰীসকললৈ আমাৰ স্পষ্ট বাৰ্তা হ’ল- কেতিয়াও অসম আৰু ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰাৰ চেষ্টা নকৰিব। আমাৰ কঠোৰ আৰু সক্ৰিয় অভিযান অব্যাহত থাকিব।
---------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ