দেৰগাঁৱত স্বয়ং নামঘৰীয়াই নামঘৰৰ দানপাত্ৰত থকা ধন চুৰ কৰাৰ অভিযোগ
দেৰগাঁৱত এক উত্তেজনামই পৰিস্থিতি।
দেৰগাঁৱত স্বয়ং নামঘৰীয়াই নামঘৰৰ দানপাত্ৰত থকা ধন চুৰ কৰাৰ অভিযোগ


গোলাঘাট, ২২ আগষ্ট (হি.স.): গোলাঘাট জিলাৰ দেৰগাঁৱত ৰক্ষকেই ভক্ষক হোৱাৰ অভিযোগ উত্থাপিত হৈছে । নামঘৰৰ দানপাত্ৰ চুৰি হোৱাকলৈ সৃষ্টি হয় এক হুলস্থুলীয়া পৰিবেশৰ। ইয়াকে লৈ যোৱা কালি শুকুৰবাৰে নিশা দেৰগাঁৱত এক উত্তেজনাম পৰিস্থিতি বিৰাজ কৰে ।

প্ৰাপ্ত তথ্য়মতে, দেৰগাঁও উত্তৰ দলিজলিয়া হৰিজন গাঁৱৰ নামঘৰত সংঘটিত হয় এই ঘটনা। স্বয়ং নামঘৰীয়াই নামঘৰৰ দানপাত্ৰত থকা ধন চুৰ কৰাৰ অভিযোগ কৰে একাংশ স্থানীয় লোকে। ঘটনা স্থলীত দেৰগাঁও আৰক্ষী উপস্থিত হয় আৰু তদন্ত আৰম্ভ কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande