
ধুবুৰী, ২২ আগষ্ট (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত ১৭ বছৰীয়া এগৰাকী নাবালিকাক যৌন সম্পৰ্ক কৰি গৰ্ভৱতী কৰাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকসকলে । ইফালে আৰক্ষীৰ বিৰুদ্ধেও ঘটনাটো গাপ দিয়াৰ অভিযোগ উঠিছে । গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দালানেৰ আলগা দ্বিতীয় খণ্ড গাওঁত সংঘটিত হৈছে এই ঘটনা।
নাবালিকাক যৌন নিৰ্যাতন কৰি গৰ্ভৱতী কৰাৰ ঘটনাটো গাপ দিবলৈ আৰক্ষীৰ বিৰুদ্ধে উঠিছে ধনৰ বিনিময়ত তথ্য লুকুৱাৰ অভিযোগ। এনে ঘটনাৰ পিছতো গৌৰীপুৰ আৰক্ষীয়ে নাবালিকা গৰাকীৰ প্ৰয়োজনীয় চিকিৎসা পৰীক্ষা নকৰাকৈয়ে তাইক আদালতলৈ প্ৰেৰণ কৰা হয় । নাবালিকাগৰাকীৰ পৰিয়ালে আৰু এটা বিস্ফোৰক অভিযোগ আনিছে । গৌৰীপুৰ থানাৰ এএছআই জমিৰ হুছেইন আৰু অ’চিৰ বিৰুদ্ধে অভিযোগ উঠিছে যে যৌন সম্পৰ্ক কৰা লম্পট আনিছুৰ ৰহমানৰ পৰিয়ালৰ পৰা মোটা অংকৰ ধন লৈ ঘটনাৰ প্ৰকৃত তথ্য গোপন কৰিছে । লগতে নাবালিকা গৰাকীক মিছা কথা ক'বলৈ হেঁচা প্ৰয়োগ কৰা হৈছে বুলিও অভিযোগ কৰে ভুক্তভোগীয়ে ।
‘মোৰ মেডিকেল কৰা নাই। থানাত মোক ধমকি দিলে। কলে বেছি ক'লে আৰু বিপদ হ'ব। মই ন্যায় বিচাৰিছোঁ। ’ এইক্ষেত্ৰত ভূক্তভোগী নাবালিকা গৰাকীয়ে ন্যায় পাবনে সেয়া বহুমূলীয়া প্ৰশ্ন হৈ পৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ