তামুলপুৰৰ শিৱপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত মহিলা
তামুলপুৰ, ২২ আগষ্ট (হি.স.)। তামুলপুৰৰ আঙাৰকাটাৰ শিৱপুৰত বন্যহস্তীৰ আক্ৰমণত পুনৰ প্ৰাণ গ’ল এগৰাকী মহিলাৰ। নিশা জাকৰ পৰা ফালৰি কাটি দুটাকৈ প্ৰকাণ্ড বন্যহস্তীয়ে বাৰীৰ গোহালি ঘৰ ভাঙি থাকোতে পলাবলৈ চেষ্টা কৰিছিল অঞ্জলি মণ্ডল নামৰ মহিলা গৰাকীয়ে। পলা
তামুলপুৰৰ শিৱপুৰত বন্যহস্তীৰ আক্ৰমণত নিহত মহিলা


তামুলপুৰ, ২২ আগষ্ট (হি.স.)। তামুলপুৰৰ আঙাৰকাটাৰ শিৱপুৰত বন্যহস্তীৰ আক্ৰমণত পুনৰ প্ৰাণ গ’ল এগৰাকী মহিলাৰ।

নিশা জাকৰ পৰা ফালৰি কাটি দুটাকৈ প্ৰকাণ্ড বন্যহস্তীয়ে বাৰীৰ গোহালি ঘৰ ভাঙি থাকোতে পলাবলৈ চেষ্টা কৰিছিল অঞ্জলি মণ্ডল নামৰ মহিলা গৰাকীয়ে।

পলাবলৈ লওঁতেই বন্য হস্তীয়ে আগুচি ধৰি থিতাতে নিহত কৰে মহিলা গৰাকীক।

ঘটনাত গুৰুতৰ ভাৱে আহত হৈছে এগৰাকী ১০ বছৰীয়া কিশোৰ শুভংকৰ মণ্ডল।

হাতীয়ে সুৰেৰে আক্ৰমণ কৰে কিশোৰ গৰাকীক। বৰ্তমান কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ৰ পৰা নলবাৰী মেডিকেল কলেজত ৰেফাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে।

ঘটনাত কোনোমতে প্ৰাণ ৰক্ষা পৰে পৰিয়ালৰ ভবেন মণ্ডল নামৰ আন এজন লোকৰ।

ঘটনাস্থলীত উপস্থিত হৈছে কুমাৰীকাটা বন বিভাগ,আৰু আৰক্ষীৰ লোক। ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰি মৰোনত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিছে আৰক্ষীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande