পশ্চিম কাৰ্বি আংলঙৰ শ্ৰী শ্ৰী শংকৰ মাধৱ হাইস্কুলত অনুষ্ঠিত এআই আৰু ৰবটিক্সৰ প্ৰশিক্ষণ শিবিৰ
পশ্চিম কাৰ্বি আংলঙ, ২২ আগষ্ট (হি.স.)। পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছʼত এছটেকৰ-ৰ সৌজন্যত আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হৈ গ’ল কৃত্ৰিম বুদ্ধিমত্তা তথা এআই আৰু ৰবটিক্সৰ বিশেষ প্ৰশিক্ষণ শিবিৰ। দুৰ্গম পাহাৰীয়া অঞ্চলৰ ৭খন চৰকাৰী বিদ্যালয
পশ্চিম কাৰ্বি আংলঙৰ শ্ৰী শ্ৰী শংকৰ মাধৱ হাইস্কুলত অনুষ্ঠিত এআই আৰু ৰবটিক্সৰ প্ৰশিক্ষণ শিবিৰ


পশ্চিম কাৰ্বি আংলঙ, ২২ আগষ্ট (হি.স.)। পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছʼত এছটেকৰ-ৰ সৌজন্যত আৰু আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হৈ গ’ল কৃত্ৰিম বুদ্ধিমত্তা তথা এআই আৰু ৰবটিক্সৰ বিশেষ প্ৰশিক্ষণ শিবিৰ। দুৰ্গম পাহাৰীয়া অঞ্চলৰ ৭খন চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই শিবিৰত প্ৰশিক্ষক ৰূপে অংশ লয় টেকবষ্টাৰৰ বিশেষজ্ঞ বিকাশ জ্যোতি বৰা আৰু অধ্যাপক অনিন্দিতা দাসে।

গ্ৰামাঞ্চলৰ শিক্ষাৰ্থী সকলক ভৱিষ্যতৰ প্ৰযুক্তিগত যুগৰ উপযোগী কৰি তোলাৰ লক্ষ্যৰে আয়োজিত এই ব্যতিক্ৰমি পদক্ষেপে অঞ্চলটোত ব্যাপক উৎসাহৰ সৃষ্টি কৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande