
- পদ্ধতি নিৰ্ধাৰণৰ বাবে গঠন কৰিব সমিতি
নতুন দিল্লী, ২২ আগষ্ট (হি.স.)। কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ উপস্থিতিত শনিবাৰে শিলিগুৰিত পশ্চিমবংগৰ পাহাৰীয়া অঞ্চলৰ বিভিন্ন অংশীদাৰ আৰু প্ৰতিনিধিৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলো উপস্থিত থাকে।
গৃহ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, বৈঠকত পশ্চিম বংগৰ পাহাৰীয়া অঞ্চলৰ জনসংখ্যা সম্পৰ্কীয় সকলো বিষয়ৰ ওপৰত বিতংভাৱে আলোচনা কৰা হয়। পাহাৰীয়া অঞ্চলৰ জনসাধাৰণৰ বাবে সুকীয়া পৰিচয়, স্থায়ী ৰাজনৈতিক সমাধান, ভাৰতৰ সংবিধানৰ অধীনত স্বীকৃতি আদিৰ সৈতে জড়িত দাবীসমূহো উত্থাপন কৰা হৈছিল।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতীয় সংবিধানৰ পৰিকাঠামোৰ ভিতৰত আগতীয়া, স্থায়ী ৰাজনৈতিক সমাধানৰ আশ্বাস দিয়ে। তেওঁ পাহাৰীয়া জনগোষ্ঠীসমূহৰ আন সকলো দাবী সহানুভূতিশীলভাৱে বিবেচনা কৰাৰ আশ্বাস দিয়ে। তেওঁ উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰে পৰ্যাপ্ত পুঁজিৰ ব্যৱস্থা কৰি সকলো বাকী থকা সমস্যাৰ সমাধান নিশ্চিত কৰিব।
সভাত প্ৰাক্তন উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা তথা বৰ্তমানৰ আলোচক পংকজ কুমাৰ সিঙৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰি স্থায়ী ৰাজনৈতিক সমাধানৰ বাবে মডালিটিসমূহ চূড়ান্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই কমিটীয়ে ভাৰতৰ সংবিধানৰ অধীনত পশ্চিম বংগৰ পাহাৰীয়া অঞ্চলৰ জনসাধাৰণৰ বাবে স্থায়ী ৰাজনৈতিক সমাধানৰ দিশত প্ৰস্তুত হ’বলগীয়া চূড়ান্ত চুক্তিৰ সবিশেষ চূড়ান্ত কৰিব।
সভাত উপস্থিত থাকে সাংসদ ৰাজু বিস্তা, সাংসদ হৰ্ষ বৰ্ধন চিংলা, পাহাৰীয়া মন্ত্ৰী বিশাল লামা, জি জে এম নেতা বিমল গুৰুং, জি এন এল এফৰ নেতা মান ঘিছিং, বিধায়ক ভাৰত ছেত্ৰী, বিধায়ক সোণম লামা, বিধায়ক নোমন ৰায়, চি পি আৰ এম নেতা জে বি ৰায়, গোৰানিমো নেতা দোৱা পাখৰিন, সুমেটি নেতা বিকাশ ৰায়, আৰু বিভিন্ন সংগঠনৰ প্ৰতিনিধি।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া