বংগৰ পাহাৰীয়া অঞ্চলৰ স্থায়ী ৰাজনৈতিক সমাধানৰ বাবে অমিত শ্বাহৰ গুৰুত্বপূৰ্ণ বৈঠক
কলকাতা, ২২ আগষ্ট (হি.স.)। দাৰ্জিলিং, কুৰ্চেয়ং, কালিমপংকে ধৰি পশ্চিম বংগৰ পাহাৰীয়া অঞ্চলৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক সমস্যাৰ স্থায়ী সমাধানৰ বাবে শনিবাৰৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ বৈঠক আৰম্ভ হয়। শিলিগুৰিৰ সমীপ
अमित शाह


কলকাতা, ২২ আগষ্ট (হি.স.)। দাৰ্জিলিং, কুৰ্চেয়ং, কালিমপংকে ধৰি পশ্চিম বংগৰ পাহাৰীয়া অঞ্চলৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক সমস্যাৰ স্থায়ী সমাধানৰ বাবে শনিবাৰৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ বৈঠক আৰম্ভ হয়।

শিলিগুৰিৰ সমীপৰ সুকনাৰ এখন ৰিজ’ৰ্টত অনুষ্ঠিত হোৱা বৈঠকত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰতিনিধিৰ লগতে বৃহৎ পাহাৰীয়া ৰাজনৈতিক দলৰ নেতাসকলে অংশগ্ৰহণ কৰে।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী, দাৰ্জিলিঙৰ বিজেপিৰ সাংসদ ৰাজু বিষ্টা, আৰু তিনিখন পাহাৰীয়া বিধানসভাৰ আসন নোমন ৰায় (দাৰ্জিলিং), ভাৰত কুমাৰ ছেত্ৰী (কালিম্পং), আৰু সোণম লামা (কুৰ্চেয়ং)ৰ বিধায়কসকল উপস্থিত থাকে। গোৰ্খা জনমুক্তি মৰ্চাৰ সভাপতি বিমল গুৰুং আৰু সাধাৰণ সম্পাদক ৰোশন গিৰিও উপস্থিত থাকে। গোৰ্খা নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্টৰ বৰ্তমানৰ সভাপতি তথা সংগঠনটোৰ প্ৰয়াত প্ৰতিষ্ঠাপক সুভাষ ঘিছিঙৰ পুত্ৰ মান ঘিছিঙো উপস্থিত থাকে।

এই বৈঠকৰ প্ৰধান কেন্দ্ৰবিন্দু আছিল পাহাৰীয়া অঞ্চলটোৰ বাবে এক স্থায়ী ৰাজনৈতিক সমাধান বিচাৰি উলিওৱা। সুকীয়া গোৰ্খালেণ্ডৰ দাবীয়ে দীৰ্ঘদিন ধৰি দাৰ্জিলিং আৰু ইয়াৰ আশে-পাশে থকা পাহাৰীয়া অঞ্চলত ৰাজনৈতিক আন্দোলন আৰু উত্তেজনাৰ সৃষ্টি কৰি আহিছে। আনকি পূৰ্বৰ বাওঁ মঞ্চ আৰু তৃণমূল কংগ্ৰেছ চৰকাৰৰ দিনতো পাহাৰীয়া ৰাজনৈতিক দল আৰু ৰাজ্য চৰকাৰে এই বিষয়টোক লৈ অসংখ্য ৰাউণ্ডৰ সংঘাত আৰু আলোচনাত লিপ্ত হৈছে।

২০২৬ চনৰ পশ্চিম বংগ বিধানসভা নিৰ্বাচনত বিজেপিক সমৰ্থন কৰিছিল জিজেএমৰ। ইয়াৰ পাছতে দাৰ্জিলিং আৰু কালিম্পং জিলাৰ ছয়খন বিধানসভা আসনতে বিজেপি সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰে। ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হোৱাৰ লগে লগে কেন্দ্ৰ আৰু ৰাজ্যৰ মিত্ৰজোঁটৰ চৰকাৰে পাহাৰীয়া ৰাজনৈতিক সমস্যাৰ সমাধান দিব পাৰে বুলি আশা কৰিছে জিজেএমৰ নেতৃত্বই।

বিগত মাহত বিমল গুৰুং আৰু ৰোশন গিৰীয়ে কলকাতাত মুখ্যমন্ত্ৰী সুবেন্দু অধিকাৰীক সাক্ষাৎ কৰিছিল। ৰাজহুৱা কাম-কাজ বিভাগৰ চৌহদত স্থাপন কৰা অস্থায়ী শিবিৰত অনুষ্ঠিত হোৱা বৈঠকত পৰিবহণ মন্ত্ৰী অৰ্জুন সিংও উপস্থিত থাকে। প্ৰায় ডেৰ ঘণ্টীয়া আলোচনাৰ অন্তত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে আলোচনাৰ জৰিয়তে পাহাৰৰ ৰাজনৈতিক সমস্যা সমাধান কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰে গুৰুঙে।

গোৰ্খালেণ্ড বিষয়ৰ উপৰিও শনিবাৰৰ বৈঠকত পাহাৰত শিক্ষক নিযুক্তি, চাহ বাগিচাৰ অৱস্থা, পৰিবহণ ব্যৱস্থা, আৰু গোৰ্খালেণ্ড টেৰিটৰিয়েল এডমিনিষ্ট্ৰেচন (জিটিএ) সম্পৰ্কীয় বিষয়সমূহো আলোচনা হোৱাৰ সম্ভাৱনা আছে। গতিকে অমিত শ্বাহৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠকখন পাহাৰীয়া ৰাজনীতিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande