চাপৰত পট্টাভুক্ত মাটিৰ মাজেৰে পথ নিৰ্মাণক লৈ মাৰপিট
চাপৰত উত্তপ্ত পৰিস্থিতিৰ।
চাপৰত পট্টাভুক্ত মাটিৰ মাজেৰে পথ নিৰ্মাণক লৈ মাৰপিট


ধুবুৰী ২২ আগষ্ট (হি.স.): ধুবুৰী জিলাৰ চাপৰৰ একাংশ গ্ৰাম্যাঞ্চলত এতিয়া মাতাব্বৰী গুণ্ডাৰাজ চলাৰ অভিযোগ উঠিছে । জনসংখ্যা আৰু টকাৰ বলত নিজৰ মইমতালি চলাই গৈছে একাংশ মাতাব্বৰ ৰূপী লোকে । তেনে এক ঘটনা সংঘটিত হৈছে চাপৰৰ দুধনাথ হিলত।

অভিযোগ অনুসৰি, পট্টাভুক্ত মাটিৰ মাজেৰে ১২ ফুট বহল পথ বিচাৰিছিল একাংশ লোকে । কিন্তু পট্টাদাৰে ১২ ফুট পথ দিবলৈ অমান্তি হোৱাত যোৱা কালি শুকুৰবাৰে বিয়লি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । পৰৱৰ্তী সময়ত লাঠি জোং লৈ মাৰপিট কৰাৰ অভিযোগ উঠিছে । দলবদ্ধ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে পট্টাভুক্ত ভূমিৰ পৰিয়ালৰ কেইবাগৰাকীও সদস্য । ভুক্তভোগী পৰিয়ালৰ অভিযোগ অনুসৰি, আব্দুল কৰিম, আনছেৰ, মনছেৰ, জমেৰ, ফুলচান, লালচান, মেহেবুব আৰু মছলেমৰ নেতৃত্বত প্ৰায় অৰ্ধশতাধিক লোকে আলিম আৰু আলমৰ পৰিয়ালৰ ওপৰত দলবদ্ধভাৱে আক্ৰমণ চলায়।মাৰপিটত ছয়গৰাকী মহিলাসহ মুঠ ১১ গৰাকী লোক গুৰুতৰ ভাৱে আহত হয়। আহতসকলৰ ভিতৰত আছে এগৰাকী ১০ বছৰীয়া কিশোৰীও।

প্ৰথম অৱস্থাত আহত সকলক চাপৰ চিকিৎসালয়ত লৈ আহে যদিও ইয়াৰে ছয়জনকৈ আহতক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও লৈ প্ৰেৰণ কৰে। ঘটনা সংক্ৰান্তত শালকোচা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে ভুক্তভোগী পট্টাদাৰে । আৰক্ষীয়ে গ্ৰাম্যাঞ্চলত মাতাব্বৰী গুণ্ডাৰাজ চলোৱা এনে লোকক নাকি লগাব পাৰিবনে নোৱাৰে সেয়া সময়ত লক্ষ্যনীয় হৈ পৰিব।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande