অসমত গ্ৰন্থ আন্দোলনৰ সূচনা কৰা নগাঁৱৰ বুকুনুক ৰ সহযোগত তেজপুৰত প্ৰথমবাৰৰ বাবে দুদিনীয়া অনুবাদ কৰ্মশালা
–ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুবাদক ড০ অনিন্দিতা কৰৰ তত্বাৱধানত তেজপুৰ বিশ্ববিদ্যালয়, জে এন ইউৰ গৱেষক শিক্ষাৰ্থীৰ লগতে আন শিক্ষাৰ্থীৰ আশাব্যঞ্জক অংশ গ্ৰহণ –পাগত উঠা অনুবাদৰ বাবে দ্বিভাষিক অভিধান ব্যৱহাৰৰ প্ৰয়োজন --ড০ বিজিৎ বৰঠাকুৰ –অনুবাদৰ সৰু -বৰ কা
অনুবাদ কৰ্মশালা আৰম্ভ


অনুবাদ কৰ্মশালা আৰম্ভ


অনুবাদ কৰ্মশালা আৰম্ভ


অনুবাদ কৰ্মশালা আৰম্ভ


অনুবাদ কৰ্মশালা আৰম্ভ


–ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুবাদক ড০ অনিন্দিতা কৰৰ তত্বাৱধানত তেজপুৰ বিশ্ববিদ্যালয়, জে এন ইউৰ গৱেষক শিক্ষাৰ্থীৰ লগতে আন শিক্ষাৰ্থীৰ আশাব্যঞ্জক অংশ গ্ৰহণ

–পাগত উঠা অনুবাদৰ বাবে দ্বিভাষিক অভিধান ব্যৱহাৰৰ প্ৰয়োজন --ড০ বিজিৎ বৰঠাকুৰ

–অনুবাদৰ সৰু -বৰ কাম কৰিবলৈ এগৰাকী মেন্টৰ বা গুৰুৰ প্ৰয়োজন --ড০ অনিন্দিতা কৰ

শোণিতপুৰ, ২২ আগষ্ট

(হি.স.)। তেজপুৰ সাহিত্য সভাৰ শেহতীয়া অনুবাদ সাহিত্য প্ৰকল্পৰ অধীনত অসমীয়া কালজয়ী সৃষ্টিশীল সাহিত্য সমূহক ইংৰাজী ভাষা প্ৰিয় বহল পাঠক সমাজৰ মাজলৈ কঢ়িয়াই নিয়াৰ নিৰলস প্ৰয়াস অব্যাহত ৰখা প্ৰখ্যাত অনুবাদক, কবি, গল্পকাৰ তথা জাগীৰোড মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা ড০ অনিন্দিতা কৰৰ মুখ্য তত্বাৱধানত আজিৰে পৰা দুদিনীয়াকৈ তেজপুৰ সাহিত্য সভা ভৱনত আৰম্ভ হৈছে এক গুৰুত্বপূৰ্ণ অনুবাদ কৰ্মশালা । তেজপুৰ সাহিত্য সভাৰ মাইনু হাজৰিকা ন্যাসৰ উদ্যোগত আৰু ৰাজ্যখনত গ্ৰন্থ প্ৰকাশেৰে এক গ্ৰন্থ আন্দোলনৰ সূচনা কৰা নগাঁৱৰ বুকনুক ৰ সহযোগত অনুষ্ঠিত এই অনুবাদ কৰ্মশালাৰ আজি তেজপুৰ সাহিত্য সভা ভৱনত আৰম্ভ হয় মাইনু হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলিৰে ।

তেজপুৰ সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি দাসে শুভাৰম্ভ কৰা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ভূপেন শইকীয়া, তেজপুৰ সাহিত্য সভাৰ উপসভাপতি দ্বীজেন নাথ, বুকনুকৰ স্বত্বাধিকাৰী, অধ্যাপক ড০ বিজিৎ বৰঠাকুৰ, অনুবাদক ড০ অনিন্দিতা কৰ, মাইনু হাজৰিকাৰ পৰিয়ালবৰ্গৰ লগতে উপস্থিত বিশিষ্ট ব্যক্তি সকলে অংশ গ্ৰহণ কৰে । আনহাতে তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱাই আঁত ধৰা আৰু সম্পাদক ড০ পল্লৱ ভট্টাচাৰ্য্যই আদৰণী ভাষণ আগবঢ়োৱা শুভাৰম্ভণি অনুষ্ঠানটিত কৰ্মশালাখনৰ মুখ্য তত্বাৱধায়ক ড০ অনিন্দিতা কৰৰ বিষয়ে সদৰি কৰে বুকনুক ৰ স্বত্বাধিকাৰী তথা অধ্যাপক ড০ বিজিৎ বৰঠাকুৰে ।

ড০ বৰঠাকুৰে অনিন্দিতা কৰ এগৰাকী অনুবাদক আৰু সাময়িক কবি বুলি কৈ তেওঁৰ কবিতা আৰু অনুবাদসমূহ সাহিত্য অকাডেমীৰ ইণ্ডিয়ান লিটাৰেচাৰ, মিউজ ইণ্ডিয়া, দ্য এন্ট'নিম, পয়েট্ৰি এট সংগম, দ্য বম্বে লিটাৰেৰী মেগাজিন আদি গুৰুত্বপূৰ্ণ আলোচনীত প্ৰকাশ পাইছে বুলি মন্তব্য কৰি তেওঁৰ অনুবাদ কৰ্মৰাজি বিভিন্ন উল্লেখনীয় সাহিত্য প্ৰকল্পলৈ বিস্তৃত হৈ আছে; যাৰ ভিতৰত আছে, ইন্দিৰা গোস্বামী: মাৰ্জিনছ এণ্ড বিয়ণ্ড (ৰাউটলেজ, ২০২২)

বেণ্ডেজড মোমেন্টছ, ষ্ট'ৰিজ অফ মেন্টেল হেল্থ বাই উইমেন ৰাইটাৰ্ছ ফ্ৰম ইণ্ডিয়ান লেংগুৱেজেছ, (নিিয়োগী বুকছ, ২০২৫),* পয়েট্ৰি এট সংগমৰ দ্য ড্ৰেগনছ হাৰ্ট: ৱৰ্ল্ড পয়েট্ৰি ইন ট্ৰান্সলেশ্বন (যাদৱপুৰ ইউনিভাৰ্ছিটি প্ৰেছ, ২০২৪)

দ্য পেনগুইন বুক অফ পয়েমছ অন দ্য ইণ্ডিয়ান চিটি* (পেনগুইন, ২০২৫)

তেওঁ দ্য এন্ট'নিম কালেকশ্বনছৰ 'মুভিং ৱৰ্ডছ'ৰ দ্বাৰা প্ৰকাশিত সাম্প্ৰতিক অসমীয়া ছুটিগল্পৰ সংকলন ৱাইণ্ডবৰ্ন (২০২৩) সম্পাদনাও কৰিছিল। তেওঁৰ শেহতীয়া গ্ৰন্থ দ্য ইয়েলো মেটাফৰ (পেনগুইন ৰেনডম হাউছ ইণ্ডিয়া, ২০২৬)-ত জীৱন নৰহৰ ৯৯ টা কবিতাৰ অনুবাদ সংকলিত কৰা হৈছে বুলি কৰ্মশালাত অংশ গ্ৰহণকাৰী সকলক সদৰি কৰি উৎকৃষ্ট অনুবাদ বা অনুবাদক হ'ব পাৰিলে অনূদিত গ্ৰন্থ প্ৰকৃত পথ অৱলম্বনৰ জড়িয়তে বিশ্ব দৰবাৰত ভুমুকি মাৰিব পৰা কৌশল আয়ত্ব কৰিব পাৰিলেহে আমি সফলকাম হ'ব পাৰিম বুলি বৰঠাকুৰে মন্তব্য কৰে।

অধ্যাপক ড০ বৰঠাকুৰে পাগত উঠা অনুবাদৰ বাবে দ্বিভাষিক অভিধান আদি ব্যৱহাৰৰ প্ৰয়োজনীয়তাৰ কথাও তেখেতে দুহাৰে।

উল্লেখ্য যে ইয়াৰ পিছতেই তেজপুৰ বিশ্ববিদ্যালয়,জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ লগতে দৰং মহাবিদ্যালয়কে ধৰি একাংশ শিক্ষানুষ্ঠানৰ গৱেষক শিক্ষাৰ্থী, আন শিক্ষাৰ্থী আৰু শিক্ষকেও প্ৰশিক্ষক হিচাবে অংশ গ্ৰহণ কৰা এই বিদ্যায়তনিক কৰ্মশালাৰ পূৰ্বেই ড০ অনিন্দিতা কৰে তেওঁৰ এই যাত্ৰাৰ কথা সদৰি কৰি এই যাত্ৰা পথৰ অন্যতম গুৰু অধ্যাপক বিজিৎ বৰঠাকুৰ বুলি মন্তব্য কৰে । অনুবাদৰ সৰু বৰ কাম কৰিবলৈ এজন মেন্টৰ বা গুৰুৰ প্ৰয়োজন বুলি তেখেতে মন্তব্য কৰে।

আনহাতে কৰ্মশালাখনত অংশ গ্ৰহণ কৰা শিক্ষাৰ্থী সকলে নিজৰ নিজৰ পৰিচয় দাঙি ধৰাৰ পিছতেই ড০ অনিন্দিতা কৰে শিক্ষাৰ্থী সকলক অনুবাদৰ পাঠদান কৰে ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande