
তামুলপুৰ, ২২ আগষ্ট (হি.স.)। তামুলপুৰ জিলাৰ বাবে এক গৌৰৱৰ খবৰ কঢ়িয়াই আনিছে পিংকি বসুমতাৰীয়ে। তামুলপুৰৰ গৌৰৱ পিংকি বসুমতাৰীয়ে মিছ ইউনিভাৰ্চ ২০২৬ প্ৰতিযোগিতাত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি বৃহৎ মঞ্চত নিজৰ প্ৰতিভা আৰু সামৰ্থ্য প্ৰদৰ্শনৰ সুযোগ লাভ কৰিছে।
তামুলপুৰৰ দৰে এখন পিছপৰা অঞ্চলৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতালৈ আগবাঢ়ি যোৱা পিংকি বসুমতাৰীৰ এই যাত্ৰা কেৱল তেওঁৰ ব্যক্তিগত সফলতা নহয়, বৰং সমগ্ৰ তামুলপুৰ তথা অসমৰ বাবেই এক গৌৰৱৰ বিষয়।
তেওঁৰ এই সাফল্যই ৰাজ্য খনৰ যুৱ প্ৰতিভা সকলক নতুন উদ্যমেৰে আগবাঢ়ি যাবলৈ উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। মিছ ইউনিভাৰ্চ ২০২৬ৰ মঞ্চত অসমৰ প্ৰতিনিধি হিচাপে পিংকি বসুমতাৰীৰ অংশগ্ৰহণে ইতিমধ্যে তামুলপুৰবাসীৰ মাজত উৎসাহ আৰু আনন্দৰ সৃষ্টি কৰিছে। পিংকিৰ প্ৰতিভা, আত্মবিশ্বাস, পৰিশ্ৰম আৰু দৃঢ় মনোবলে তেওঁক এই পৰ্যায়লৈ লৈ আহিছে বুলি তেওঁৰ পৰিয়াল তথা শুভাকাংক্ষী সকলে উল্লেখ কৰিছে।
ইফালে, পিংকি বসুমতাৰীক এই গৌৰৱময় যাত্ৰাত উৎসাহ আৰু সমৰ্থন জনাবলৈ ৰাইজলৈ আহ্বান জনাইছে তেওঁৰ পিতৃয়ে। অসমৰ প্ৰতিভাক আগুৱাই নিয়াৰ লগতে তামুলপুৰৰ জীয়ৰী পিংকি বসুমতাৰীৰ সপোন পূৰণৰ যাত্ৰাত সকলোকে সহযোগ কৰিবলৈ আহ্বান জনাই তেওঁৰ ইনষ্টাগ্ৰাম পোষ্টত লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনাইছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা