
ধুবুৰী, ২২ আগষ্ট (হি.স.)। তামাৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনা । তামাৰহাটৰ হাতীধুৰা ১২৭ বি ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই পথ দুৰ্ঘটনা । পথ দুৰ্ঘটনাত আহত পাঁচ । ই-ৰিক্সা আৰু বাইকৰ মাজত সংঘটিত হয় এই পথ দুৰ্ঘটনা । তামাৰহাটৰ পৰা আহি আছিল ই-ৰিক্সা খন । একে দিশতে আহি আছিল বাইকখন ।
ই-ৰিক্সা খন হাতীধুৰা ৰাষ্ট্ৰীয় ঘাইপথত ইউ টাৰ্ণ লোৱাত বাইকখন ই-ৰিক্সাত খুন্দা মাৰে । পথ দুৰ্ঘটনা আহত বাইক আৰোহী কেইজন ফজলে শেখ, আৰ্জুমা বেগম আৰু ফাৰিহা ইয়াছমিন । পথ দুৰ্ঘটনাত আহত ই-ৰিক্সা যাত্ৰী আজিউল শেখ আৰু ৰুমী খাতুন । ইয়াৰে আঢ়ৈ বছৰীয়া বাইক আৰোহী ফাৰিহা ইয়াছমিন গুৰুতৰভাৱে আহত হয় । ততাতৈয়াকৈ আটাইকে তামাৰহাট চিকিৎসালয়ত ভৰ্তি । পথ দুৰ্ঘটনাত পতিত বাইকখনৰ নম্বৰ এ এছ ১৭ এম ২২৮২ ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা