
নতুন দিল্লী, ২২ আগষ্ট (হি.স.)। উচ্চতম ন্যায়ালয়ে শ্ৰীশ্ৰী ৰবি শংকৰৰ আৰ্ট অৱ লিভিং ফাউণ্ডেচনক বৃহৎ সকাহ প্ৰদান কৰিছে। ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মাৰ নেতৃত্বত গঠিত বিচাৰপীঠে ২০১৬ চনত বিশ্ব সংস্কৃতি মহোৎসৱৰ ফলত যমুনা বানপানীত হোৱা ক্ষতিৰ বাবে ফাউণ্ডেশ্যনক জগৰীয়া কৰা ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ (এন জি টি) ২০১৭ চনৰ নিৰ্দেশ বাতিল কৰি ₹ ৫ কোটি জৰিমনা বিহা হয়।
উচ্চতম ন্যায়ালয়ে দিল্লী উন্নয়ন কৰ্তৃপক্ষক ফাউণ্ডেচনে জমা কৰা ৫ কোটি টকা পৰিৱেশ ক্ষতিপূৰণ হিচাপে ঘূৰাই দিবলৈ নিৰ্দেশ দিয়ে। ২০১৬ চনৰ ১১ মাৰ্চৰ পৰা ১৩ মাৰ্চলৈ যমুনা জলাশয় এলেকাত অনুষ্ঠিত হৈছিল বিশ্ব সংস্কৃতি মহোৎসৱ।
২০১৬ চনৰ মাৰ্চ মাহত এন জি টিয়ে অন্তৱৰ্তীকালীন আদেশ জাৰি কৰিছিল, য’ত অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে ৫ কোটি টকা জমা দিয়াৰ পিছত অনুষ্ঠানটো চলি থাকিবলৈ অনুমতি দিছিল। এন জি টিয়ে উল্লেখ কৰিছিল যে পৰিৱেশৰ ক্ষতিৰ মূল্যায়নৰ পিছত এই পৰিমাণ সালসলনি কৰা হ’ব।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ