
মিয়ামি, ২২ আগষ্ট (হি.স.)। ফিলাডেলফিয়া ইউনিয়নৰ খেলুৱৈ কুইন চুলিভানৰ সৈতে শুকুৰবাৰে খেলপথাৰত হোৱা কাজিয়াৰ বাবে মেজৰ লীগ ছকাৰে অজ্ঞাত পৰিমাণৰ জৰিমনা বিহা হৈছে ইণ্টাৰ মিয়ামিৰ তাৰকা ফুটবলাৰ লিয়নেল মেছিক। মেছিৰ ইণ্টাৰ মিয়ামিৰ সতীৰ্থ ইয়ান ফ্ৰেইকো জৰিমনা বিহা হয়।
অতিৰিক্ত সময়ৰ ১১ মিনিটত মেছিয়ে কুইন চুলিভানৰ কাষ চাপি চেণ্টাৰ চাৰ্কলৰ ফালে গৈ বল খেলত থকাৰ সময়তে তেওঁৰ সৈতে মুখামুখি হয়। দুয়োৰে মাজত চমু আদান-প্ৰদান হয়, তাৰ পিছত মেছিয়ে চুলিভানৰ ডিঙিৰ পিছফালে আঘাত কৰে।
এম এল এছৰ অনুশাসন সমিতিখনে কয় যে মেছি আৰু ফ্ৰেইক “বিপক্ষ খেলুৱৈৰ মুখ, মূৰ বা ডিঙিত আঘাত কৰাৰ সন্দৰ্ভত লীগৰ নীতি উলংঘা কৰাৰ বাবে” জৰিমনা বিহা হৈছে।
চুলিভানৰ ভাতৃৰ ৰঙা কাৰ্ড বাতিল
ঘটনাৰ সময়ত ৰেফাৰীয়ে মেছি আৰু চুলিভানক কোনো কাৰ্ড দেখুওৱা নাছিল। কিন্তু মেচৰ পিছত দুয়োটা দলৰ খেলুৱৈৰ মাজত হোৱা কাজিয়াত কুইনৰ কনিষ্ঠ ভাতৃ তথা সতীৰ্থ কেভান চুলিভান আৰু ইণ্টাৰ মিয়ামিৰ মিডফিল্ডাৰ য়ানিক ব্রাইটক ৰঙা কাৰ্ড দেখুওৱা হয়।
পিছত স্বতন্ত্ৰ পৰ্যালোচনা পেনেলে সৰ্বসন্মতিক্ৰমে কেভান চুলিভানৰ সপক্ষে ৰায় দি তেওঁৰ ৰঙা কাৰ্ড বাতিল কৰে। শনিবাৰে ফিলাডেলফিয়া ইউনিয়নৰ পৰৱৰ্তী মেচত তেওঁ উপলব্ধ হ’ব।
মেচখন ২-২ গ’লত ড্ৰ’ত সমাপ্ত
চেষ্টাৰৰ চুবাৰু পাৰ্কত অনুষ্ঠিত খেলখন ২-২ গ’লত ড্ৰ’ত সমাপ্ত হয়। ইণ্টাৰ মিয়ামিৰ হৈ মেছিয়ে ২৬ মিনিটত গ’ল দি গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ