
নতুন দিল্লী, ২২ আগষ্ট (হি.স.)। ভাৰতৰ ট্ৰিছা জলী আৰু গায়ত্ৰী গোপিচাণ্ডে বি ডব্লিউ এফ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰে। শনিবাৰে মহিলা ডাবলছৰ ছেমি ফাইনেলত ভাৰতীয় যুটিটোৱে শীৰ্ষ ছিড আৰু বৰ্তমানৰ বিশ্ব চেম্পিয়ন লিউ শ্বেং শ্বু আৰু চীনৰ টান নিঙৰ হাতত ২১-১৮, ১৩-২১, ৮-২১ ব্যৱধানত পৰাস্ত হয়।
ইয়াৰ পিছতো ২০১১ চনত জ্ৱালা গুট্টা আৰু অশ্বিনী পন্নাপ্পাই ব্ৰঞ্জৰ পদক লাভ কৰাৰ পিছত বিশ্ব চেম্পিয়নশ্বিপত পদক লাভ কৰা প্ৰথম ভাৰতীয় মহিলা ডাবলছ যুটি হিচাপে পৰিগণিত হয় ট্ৰিছা আৰু গায়ত্ৰী।
প্ৰথমখন খেলত আধিপত্য বিস্তাৰ কৰিছিল ভাৰতীয় যুটিয়ে
ইন্দিৰা গান্ধী ইনড’ৰ ষ্টেডিয়ামত ঘৰুৱা দৰ্শকৰ সহযোগত ট্ৰিছা আৰু গায়ত্ৰীয়ে ৭-২ ব্যৱধানত অগ্ৰগতি লাভ কৰি সুন্দৰ আৰম্ভণি কৰে। অৱশ্যে চীনৰ যুটিটোৱে একেৰাহে ৯ পইণ্ট সংগ্ৰহ কৰি হাফটাইমত ১১-৭ ব্যৱধানত অগ্ৰগতি লাভ কৰে।
বিৰতিৰ পাছত ভাৰতে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি একেৰাহে ৫ পইণ্ট লাভ কৰি ১২-১২ ব্যৱধানত সমতা স্থাপন কৰে। চীনে ১৮-১৬ ব্যৱধানত অগ্ৰগতি লাভ কৰিছিল যদিও তাৰ পিছত ভাৰতীয় যুটিটোৱে একেৰাহে ৫ পইণ্ট লাভ কৰিছিল। তৃষাৰ ক্ৰছ ক’ৰ্টৰ এক উজ্জ্বল স্মাছৰ সহায়ত ভাৰতে প্ৰথমখন খেলত ২১-১৮ ব্যৱধানত জয়লাভ কৰে।
দ্বিতীয়খন খেলত পুনৰ প্ৰত্যাৱৰ্তন ঘটালে চীনে
দ্বিতীয়খন খেলত কঠোৰ যুঁজ দি ভাৰতীয় যুটিয়ে হাফটাইমত ১১-১০ ব্যৱধানত অগ্ৰগতি লাভ কৰে। ইয়াৰ পিছত লিউ আৰু টানে নিজৰ শক্তিশালী ৰক্ষণশীল ক্ষমতা প্ৰদৰ্শন কৰে। ৪৯টা শ্বটৰ দীঘলীয়া ৰেলীয়েও চীনা যুটিটোৰ আত্মবিশ্বাস বৃদ্ধি কৰে।
ইয়াৰ পিছতে চীনে একেৰাহে ৭ পইণ্ট লাভ কৰি দ্বিতীয়খন খেলত ২১-১৩ ব্যৱধানত জয়লাভ কৰি মেচখন নিৰ্ণায়কলৈ লৈ যায়।
ভাৰতৰ প্ৰত্যাহ্বানৰ অন্ত পৰিল নিৰ্ণায়কত
তৃতীয়খন খেলত চীনৰ যুটিটোৱে আৰম্ভণিৰে পৰাই আধিপত্য বজাই ৰাখিছিল। মেচখনৰ আটাইতকৈ দীঘলীয়া ৰেলী ৫৬টা শ্বটৰ পাছত হাফটাইমত লিউ আৰু টানে ১১-৫ ব্যৱধানত অগ্ৰগতি লাভ কৰে।
বিৰতিৰ পিছত ভাৰতীয় খেলুৱৈসকলে কিছু ভুল কৰিছিল, যাৰ সম্পূৰ্ণ সুবিধা চীনে লৈছিল। তৃতীয়খন খেলত ২১-৮ ব্যৱধানত জয়লাভ কৰি চীনৰ যুটিয়ে ফাইনেলত স্থান দখল কৰে।
ছেমিফাইনেলত পৰাজয়ৰ পিছতো ট্ৰিছা জলী আৰু গায়ত্ৰী গোপিচাণ্ডে ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতীয় বেডমিণ্টনৰ হৈ এক ঐতিহাসিক কৃতিত্ব অৰ্জন কৰে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ