খুমটাইৰ সেন্দুৰিটিঙ চাহ বাগিচাত উদ্ধাৰ জাৰ্মানৰ বিশেষ বেলুন
গোলাঘাট, ২২ আগষ্ট (হি.স.)। খুমটাইৰ সেন্দুৰিটিঙ চাহ বাগিচাত উদ্ধাৰ জাৰ্মানৰ বিশেষ বেলুন। আকাশমাৰ্গৰ পৰা সেন্দুৰিটিঙ চাহ বাগিচাত পৰি যায় বেলুনতো। বাগিচাৰ শ্ৰমিকে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক । জাৰ্মানীৰ কোম্পানীৰ বেলুন পৰি যোৱাত তীব্ৰ আতংকৰ সৃষ
খুমটাইৰ সেন্দুৰিটিঙ চাহ বাগিচাত উদ্ধাৰ জাৰ্মানৰ বিশেষ বেলুন


গোলাঘাট, ২২ আগষ্ট (হি.স.)। খুমটাইৰ সেন্দুৰিটিঙ চাহ বাগিচাত উদ্ধাৰ জাৰ্মানৰ বিশেষ বেলুন। আকাশমাৰ্গৰ পৰা সেন্দুৰিটিঙ চাহ বাগিচাত পৰি যায় বেলুনতো। বাগিচাৰ শ্ৰমিকে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক ।

জাৰ্মানীৰ কোম্পানীৰ বেলুন পৰি যোৱাত তীব্ৰ আতংকৰ সৃষ্টি হৈছে ৰাইজৰ মাজত । চেঞ্চৰ লগাই থোৱাৰ লগতে বেলুনটোত আছে এটা বিশেষ সৰু যন্ত্ৰ। খুমটাই আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে বেলুনতো।

বহি:ৰাষ্ট্ৰত নিৰ্মিত বেলুনটো বাগিচা অঞ্চলত উদ্ধাৰ হোৱাক লৈ সৃষ্টি হৈছে আতংকৰ । আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব বেলুনটোৰ ৰহস্য ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande