
নগাঁও, ২২ আগষ্ট (হি.স.)। চামগুৰিত কেইবাটাও পথৰ শিলান্যাস কৰিলে চামগুৰি সমষ্টিৰ বিধায়ক তাঞ্জিল হুছেইনে। হাতীপুখুৰী পঞ্চায়ত, গেৰুৱা পঞ্চায়ত আৰু বাজিয়াগাঁও পঞ্চায়তৰ তিনিটিকৈ পথৰ শিলান্যাস কৰে বিধায়ক গৰাকীয়ে। বহুদিন ধৰি এইকেইটা পথৰ বাবে সাধাৰণ ৰাইজে খাই আহিছিল জ্বলা-কলা।
মূলতঃ চামগুৰি লাইলুৰী সংযোগী মূল পথটিৰ বৰমা বজাৰ অঞ্চলত কিছু অংশ পথত গাত সদৃশ পৰিৱেশৰ সৃষ্টি হৈ সংঘটিত হৈছিল বিভিন্ন দুৰ্ঘটনাৰ। যাৰ বাবে বিগত দিনত স্কুলীয়া ছাত্র-ছাত্রীকে ধৰি সাধাৰণ ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। আনহাতে মেঘালয়ত অসমৰ বাহন চালকক আক্ৰমণ কৰাৰ ঘটনাক দুখ প্ৰকাশ কৰি চৰকাৰক সোনকালে সমস্যাটোৰ সমাধান উলিয়াবলৈ আহ্বান জনায়। উত্তৰ পূৰ্বাঞ্চলৰ চেভেন চিষ্টাৰ ৱান ব্ৰাডাৰ আখ্যা দি অসমক সাতভনীৰ ভাতৃ বুলি মন্তব্য কৰে বিধায়ক তাঞ্জিল হুছেইনে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু