ধুবুৰীত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান
ধুবুৰী, ২২ আগষ্ট (হি.স.)। ধুবুৰীত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান। ধুবুৰীৰ চৰাঞ্চলত অভিযান চলাই ৪০টা চোৰাং গৰু জব্দ কৰে ধুবুৰী আৰক্ষীয়ে। ধুবুৰী জিলাৰ অন্তৰ্গত চলাকুৰা পঞ্চম খণ্ড অঞ্চলত ধুবুৰী সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু চহৰ পৰি
ধুবুৰীত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান


ধুবুৰী, ২২ আগষ্ট (হি.স.)। ধুবুৰীত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান। ধুবুৰীৰ চৰাঞ্চলত অভিযান চলাই ৪০টা চোৰাং গৰু জব্দ কৰে ধুবুৰী আৰক্ষীয়ে।

ধুবুৰী জিলাৰ অন্তৰ্গত চলাকুৰা পঞ্চম খণ্ড অঞ্চলত ধুবুৰী সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু চহৰ পৰিদৰ্শকৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন খবৰৰ ভিত্তিত অভিযান চলায়। অভিযানৰ সময়ত আৰক্ষীয়ে ৪০টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ অহাৰ উমান পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে সন্দেহযুক্ত গৰু সৰবৰাহকাৰীসকলে।

জব্দ কৰা গৰুসমূহ ধুবুৰীৰ বিভিন্ন চৰাঞ্চলৰ পৰা নদীপথেৰে বাংলাদেশলৈ সৰবৰাহ কৰাৰ চেষ্টা কৰা হৈছিল বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande