
গুৱাহাটী, ২২ আগষ্ট (হি.স.)। শ্বিলঙত অসমীয়াৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাক লৈ গঠন কৰা হৈছে এছ আই টি। এই মন্তব্য মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী এছ ধৰৰ। শ্বিলঙত অসমীয়া লোকৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ তিনিদিনৰ পিছত আজি অসম আৰু মেঘালয় উভয় ৰাজ্যৰ প্ৰতিনিধিৰ মাজত গুৱাহাটীৰ কইনাধৰাত এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হৈ যোৱাৰ পিছত মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা সদৰী কৰে।
মেঘালয়ৰ হৈ ৰাজ্যখনৰ এক সজাতি দলৰ নেতৃত্ব দিয়ে উপ মুখ্যমন্ত্ৰী এছ ধৰে আৰু অসমৰ তৰফৰ পৰা মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত এই গুৰুত্বপূৰ্ণ বৈঠকখন আজি অনুষ্ঠিত হয়। ইয়াৰ পিছতে অসম-মেঘালয়ৰ প্ৰতিনিধি দলটোৱে এক সংবাদমেল অনুষ্ঠিত কৰি মেঘালয়ত অসমৰ লোকসকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ ক্ষেত্ৰত মেঘালয় চৰকাৰে লোৱা ব্যৱস্থাসমূহৰ বিষয়ে জনায়। উচ্চস্তৰীয় বৈঠকত অসম চৰকাৰৰ হৈ নেতৃত্ব দিছিল সীমান্ত সুৰক্ষা তথা উন্নয়ন মন্ত্ৰী অতুল বৰাই আৰু মেঘালয় চৰকাৰৰ হৈ অংশ লৈছিল উপ-মুখ্যমন্ত্ৰী এছ ধৰে। বৈঠকৰ পিছতে সংবাদমেল সম্বোধন কৰে মেঘালয় চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী এছ ধৰ আৰু অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাই।
মেঘালয় চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী এছ ধৰে কয় যে ‘‘মেঘালয়ৰ ঘটনাক লৈ ১৫খন এজাহাৰ দাখিল হৈছে । ঘটনাৰে জড়িত ৩ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাত ৫৪ খন বাহন ক্ষতিগ্ৰস্ত হৈছে। ৪৮ ঘণ্টাৰ ভিতৰত অসমৰ পৰ্যটকসকলক উপযুক্ত নিৰাপত্তাৰক্ষীৰ সৈতে প্ৰেৰণ কৰা হ’ব। মেঘালয় চৰকাৰে সুৰক্ষা আৰু নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। যাতে পৰ্যটকৰ সতে কোনো অপ্ৰতীকৰ পৰিস্থিতি সৃষ্টি নহয়। শ্বিলঙত অসমীয়া আক্ৰমণৰ ঘটনাক লৈ এছ আই টি গঠন কৰিছে বুলিও মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।
ইফালে এই বৈঠকৰ অন্তত মন্ত্ৰী অতুল বৰাই কয় যে ‘‘অসমীয়া আক্ৰমণৰ ঘটনাক লৈ মেঘালয় চৰকাৰে এছ আই টি গঠন কৰিছে। শ্বিলঙৰ ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে মেঘালয় চৰকাৰে। ইতিমধ্যে ঘটনাৰ জড়িত ৫জন মুখ ঢকা ব্যক্তিক চিনাক্ত কৰিছে মেঘালয় আৰক্ষীয়ে। ৩,৭১৭খন বাহন নিৰাপদে অসমলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে। ১৭৫ গৰাকী লোকে আৰক্ষীৰ সহায় বিচাৰিছে।’’ ইয়াৰ লগতে অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে প্ৰতিবাদকাৰীক প্ৰতিবাদ প্ৰত্যাহাৰ কৰাৰ বাবে আহ্বান জনায় ।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী