
নগাঁও, ২২ আগষ্ট (হি.স.): নগাঁও জিলাৰ ৰূপহীহাটৰ যুৱক মেঘালয়ৰ শ্বিলঙত আৱদ্ধ হৈ আছে । শ্বিলঙত আবদ্ধ হৈ পৰে নগাঁও জিলাৰ ৰূপহীহাটৰ কেইবাজনো যুৱক । চিকিৎসাৰ বাবে ৰূপহীহাটৰ পৰা শ্বিলঙলৈ গৈছিল কেইবাজনো লোক। কিন্তু শ্বিলঙত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বাবে এতিয়া হোটেলৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে অসমৰ যুৱকসকল।
অসমৰ নম্বৰৰ গাড়ী দেখিলেই ভাঙি পেলোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰূপহীহাটৰ যুৱকসকলে । পৰিস্থিতি ভয়াৱহ হৈ পৰাৰ ফলত হোটেলৰ পৰা বাহিৰলৈ ওলাবলৈও সাহস কৰা নাই বুলি ছ’চিয়েল মিডিয়াত ভিডিঅ’যোগে জনাইছে তেওঁলোকে । ইফালে, শ্বিলঙত হোটেলৰ ভাড়াও বৃদ্ধি কৰা হৈছে বুলি অভিযোগ কৰিছে অসমৰ যুৱকসকলে । বৰ্তমান শ্বিলঙত আবদ্ধ হৈ থকা ৰূপহীহাটৰ যুৱকসকলে আতংকৰ মাজত দিন পাৰ কৰিবলগীয়া হোৱা বুলি জানিবলৈ দিছে । এনে পৰিস্থিতিত অসম চৰকাৰক বিষয়টোত শীঘ্ৰে হস্তক্ষেপ কৰি শ্বিলঙত আবদ্ধ হৈ থকা অসমৰ যুৱকসকলক নিৰাপদে উদ্ধাৰ কৰি অসমলৈ ঘূৰাই অনাৰ আহ্বান জনাইছে পৰিয়াল আৰু যুৱকসকলে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ