মৰিয়নি পুখুৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা
মৰিয়নি পুখুৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা
মৰিয়নি পুখুৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা


যোৰহাট, ২২ আগষ্ট (হি.স.): যোৰহাট জিলাৰ মৰিয়নি পুখুৰীয়াত যোৱা কালি শুকুৰবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত এজন লোক নিহত হয়।

প্ৰাপ্ত তথ্য়মতে, মৰিয়নি পৰা যোৰহাট অভিমুখে গৈ থকা এএছ ০৩ এম ৯৬৮৬ নম্বৰৰ এল্ট গাড়ীৰ খুন্দাত নিহত হয় ঢেকীয়াজুলি চাহ বাগিচাৰ ৰাজেন মুণ্ডা নামৰ প্ৰায় ৪০ বছৰীয়া এজন ব্যক্তি। ততালিকৈ লোকজনক দুৰ্ঘটনা সংঘটিত কৰা এল্ট বাহন খনৰ চালকজনে জেএমচিএইচলৈ লৈ যায় যদিও চিকিৎসকে লোকজনক মৃত ঘোষণা কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande