
মৰিগাঁও, ২২ আগষ্ট (হি.স.): মৰিগাঁও জিলা কংগ্ৰেছৰ খহনীয়া অব্যাহত আছে ৷ শুক্ৰবাৰ সন্ধিয়া মৰিগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক চামছুদ্দিন আহমেদ সহ কেইবাজনো জিলা আৰু ব্লক পৰ্যায়ৰ নেতা কৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰে ৷
জাগীৰোডত এক সংবাদ মেল সম্বোধন কৰি কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰাৰ কথা সদৰি কৰে। নেতা কৰ্মী সকল হ’ল ক্ৰমে প্ৰবীন শইকীয়া ভূৰবন্ধা ব্লক কংগ্ৰেছৰ সভাপতি প্ৰবীন শইকীয়া, মায়ং ব্লক কংগ্ৰেছৰ সভাপতি দীপক মেধী, জাগীৰোড যুৱ কংগ্ৰেছৰ সভাপতি হেমন্ত ইংতি, জাগীৰোড ব্লক কংগ্ৰেছৰ কোষাধ্যক্ষ বিকাশ বৰা, জাগীৰোড ব্লক যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিয়াবুৰ ৰহমান আৰু মায়ং ব্লক কংগ্ৰেছৰ সম্পাদক চাহজাহান আলি সহ কেইবা গৰাকীও নেতা কৰ্মীয়ে কংগ্ৰেছ দল ত্যাগ কৰে ৷
উল্লেখ্য যে বিগত কিছুদিন পূৰ্বে জাগীৰোড ব্লক কংগ্ৰেছৰ সভাপতি চাইমন বৰদলৈ কংগ্ৰেছ দল ত্যাগ কৰি শাসকীয় বিজেপি দলত যোগদান কৰিছিল ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ