
দৰং, ২২ আগষ্ট (হি.স.): দৰং জিলাৰ দলগাঁও উন্নয়ন খণ্ড চৌহদত পঞ্চায়ত প্ৰতিনিধিয়ে উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । ন্যায্য প্ৰাপ্তি আৰু সম অধিকাৰৰ দাবীত শুক্ৰবাৰে আবেলি বঞ্চিত আঞ্চলিক পঞ্চায়ত সদস্যৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । নিজ খাৰুপেটীয়াস্তিত দলগাঁও শিয়ালমাৰী ব্লক কাৰ্যালয় প্ৰাংগনত বিধায়ক মুজিবুৰ ৰহমান গন বেক, বিডিঅ ৰ দালালি বন্ধ কৰক, আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ বঞ্চিত আঞ্চলিক পঞ্চায়ত সদস্য আৰু সমৰ্থকৰ দলগাঁও সমষ্টিৰ দলগাঁও–শিয়ালমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত নিৰ্বাচিত জনপ্ৰতিনিধিক এ আই ইউ ডি এফৰ বাহিৰে আন আন দলৰ পঞ্চায়ত প্ৰতিনিধিৰ চৰকাৰৰ আচনিৰ কামৰ বণ্টনত বৈষম্যৰ অভিযোগ বঞ্চিত প্ৰতিনিধিৰ ।
ঘটনা সন্দৰ্ভত উচিত তদন্ত মৰ্মে বিহীত ব্যৱস্থা লবলৈ দলগাঁও ব্লক বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীক স্মাৰক পত্ৰ প্ৰদান বঞ্চিত পঞ্চায়ত প্ৰতিনিধিৰ। অভিযোগ মতে পঞ্চায়তসমূহৰ মাজত জনসংখ্যা অনুপাতে আবণ্টনৰ ব্যৱস্থাত বৈষম্য কৰিছে বিধায়ক আৰু খণ্ড উন্নয়ন বিষয়া , আঞ্চলিক পঞ্চায়ত সভানেত্ৰী ছালমা চুলতানাই। দলগাঁও সমষ্টিৰ অন্তৰ্গত দলগাঁও শিয়ালমাৰী ব্লকৰ ২৯ পঞ্চায়তৰ চৰকাৰী আচনিৰ ধন আৱণ্টনত বিধায়ক, ব্লক আঞ্চলিক পঞ্চায়ত সভানেত্ৰী ছালমা চুলতানা, খণ্ড উন্নয়ন বিষয়া হামিদুৰ ৰহমানৰ বিৰুদ্ধে বৈষম্যৰ অভিযোগ বঞ্চিত আঞ্চলিক পঞ্চায়তৰ সদস্যৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভাগীয় মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদী পঞ্চায়ত প্ৰতিনিধিসকলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ