
নতুন দিল্লী/বেংগালুৰু, ২২ আগষ্ট (হি.স.)। উৎসৱৰ বতৰৰ পূৰ্বে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি কৰ্ণাটক চৰকাৰে জনস্বাস্থ্যৰ উদ্বেগ প্ৰকাশ কৰি ‘এনালগ’ পনিৰ (অ-দুগ্ধজাত সামগ্ৰী) বিক্ৰী, উৎপাদন, সংৰক্ষণ আৰু যোগান এবছৰৰ বাবে নিষিদ্ধ কৰিছে।
কৰ্ণাটকৰ খাদ্য সুৰক্ষা আৰু ঔষধ প্ৰশাসন বিভাগৰ বিষয়াসকলে শনিবাৰে এক বিবৃতিত এই ঘোষণা কৰে। বিভাগটোৰ আয়ুক্ত শ্ৰীনিবাস কে.য়ে কয় যে বিভাগটোৱে ১৭ আগষ্টত এক অধিসূচনা জাৰি কৰি ৰাজ্যখনত এনালগ/নন-ডেইৰী পনিৰৰ উৎপাদন, প্ৰক্ৰিয়াকৰণ, পেকিং, সংৰক্ষণ, যোগান, পাইকাৰী, আৰু খুচুৰা বিক্ৰীত এবছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছিল।
বিষয়াসকলৰ মতে, ‘এনালগ’ পনিৰ হৈছে নিয়মীয়া পনিৰৰ গাখীৰ ভিত্তিক বিকল্প, যিটো গাখীৰৰ পৰিৱৰ্তে উদ্ভিদজাত তেল, শাক-পাচলিৰ চৰ্বি বা অন্যান্য অ-দুগ্ধজাত সামগ্ৰী ব্যৱহাৰ কৰি তৈয়াৰ কৰা হয়। তেওঁলোকে কয় যে এনে সামগ্ৰীক গ্ৰাহকক পনিৰ বুলি লেবেল লগোৱাব নোৱাৰি, সেই নামেৰেও বজাৰ বা বিক্ৰী কৰিব নোৱাৰি।
বিভাগটোৱে উল্লেখ কৰিছে যে খাদ্য সুৰক্ষা আৰু মানদণ্ড (খাদ্য সামগ্ৰীৰ মানদণ্ড আৰু খাদ্য সংযোজক) নিয়ম, ২০১১ৰ অধীনত পনীৰ হৈছে গাখীৰৰ পৰা তৈয়াৰী এক মানক খাদ্য সামগ্ৰী। গাখীৰৰ চৰ্বি পানীৰ এটা প্ৰধান উপাদান, আৰু ইয়াৰ ঠাইত উদ্ভিদ তেল, উদ্ভিদ চৰ্বি বা অন্যান্য অ-দুগ্ধজাত উপাদান ব্যৱহাৰ কৰাটো অনুমোদিত নহয়।
বিভাগটোৱে জনোৱা মতে, কৰ্ণাটকৰ কেইবাটাও পানীৰ নমুনা পৰীক্ষা কৰি মিশ্ৰণমুক্ত বুলি ধৰা পৰে। কিন্তু জনস্বাস্থ্যৰ স্বাৰ্থত এনালগ পনীৰ বিক্ৰী নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই আদেশ মানক খাদ্য সামগ্ৰী যেনে ফ্ৰ’জেন মিঠাই, প্ৰচেছড চীজ, আৰু মিক্সড ফেট স্প্ৰেডৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব, কিয়নো এইবোৰৰ পৃথক মানদণ্ড আছে। বিভাগটোৱে খাদ্য ব্যৱসায়ীসকলক সকীয়াই দিছে যে কোনো খাদ্য সামগ্ৰী বা ৰেচিপিত এনালগ/নন-ডেইৰী পানীৰ ব্যৱহাৰ, সংৰক্ষণ, যোগান বা বিক্ৰী নকৰিব।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ