ৰূপহীহাটত শুকান চুপাৰি চুৰিৰ অভিযোগত আটক এজন লোক
ৰূপহীহাটত শুকান চুপাৰি চুৰিৰ অভিযোগত আটক জিয়াবুৰ ৰহমান নামৰ এজন লোকক।
ৰূপহীহাটত শুকান চুপাৰি চুৰিৰ অভিযোগত আটক এজন লোক


নগাঁও, ২২ আগষ্ট (হি.স.): নগাঁও জিলাৰ ৰূপহীহাটত শুকান চুপাৰি চুৰিৰ অভিযোগত যোৱা কালি শুকুৰবাৰে নিশা আটক কৰা হয় জিয়াবুৰ ৰহমান নামৰ এজন লোকক । গেৰেকীৰ খাইৰুল ইছলাম নামৰ চুপাৰি ব্যৱসায়ী এজনৰ এজাহাৰৰ ভিত্তিত ৰূপহীহাট আৰক্ষীয়ে আটক তেলিয়াচাপৰিটুপৰ জিয়াবুৰ ৰহমানক ।

অভিযোগ অনুসৰি চলিত বৰ্ষৰ ১৫ জুলাই তাৰিখে ৪১ কেজি ওজনৰ ৬২ টা বস্তা আৰু ৬২ কেজি ওজনৰ ৬৯ টা বস্তাৰ ৬৭.৫১ কুইণ্টেল চুপাৰি ভৰ্তি গাড়ী পশ্চিম বংগৰ খৰকপুৰৰ পৰা হাইজেক কৰিছিল এটি দুষ্ট চক্ৰই । এএছ ০২ ডিচি ৪৫২২ নম্বৰৰ এখন বাহনেৰে প্ৰায় ৩৭লাখ টকাৰ চুপাৰি বিক্রীৰ বাবে বহিঃৰাজ্যলৈ প্ৰেৰণ কৰিছিল ৰূপহীহাটৰ খাইৰুল ইছলাম নামৰ ব্যৱসায়ীজনে।

এই ৩৭লাখ টকাৰ চুপাৰি চুৰি কৰা গেংটোৰ এজনক আটক কৰিছে যদিও চুৰিকাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড কুখ্যাত চাইবাৰ অপৰাধী নুৰজামাল, গাড়ীৰ মালিক কেন্দাগুৰীৰ আনচাৰুল হক, ১নং মুল্লাপট্টিৰ আবু হানিফা, অলি উল্লাহৰ লগতে আৰু কেইবাজনো লোক এই চুৰি কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে । ইফালে চোৰৰ গেংটোক ৰক্ষণাবেক্ষণ দিবলৈ ৰূপহীহাটৰেই গুৱাহাটীত কৰ্মৰত চিআইডি শাখাৰ ডিএছপি এজনে উঠি পৰি লাগিছে বুলিও অভিযোগ উত্থাপিত হৈছে । এইক্ষেত্ৰত আৰক্ষীৰ সৱল তদন্তত পোহৰলৈ আহিব এই চুৰি কাৰ্যত জড়িত থকা আৰু বহু মুখা পিন্ধা ভদ্ৰ লোক। অধিক তথ্যৰ বাবে ধৃত জিয়াবুৰক জেৰা অব্যাহত ৰাখিছে ৰূপহীহাট আৰক্ষীয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande