
গোলাঘাট, ২২ আগষ্ট (হি.স.)। মেঘালয়ৰ শেহতীয়া উত্তপ্ত পৰিস্থিতিক কেন্দ্ৰ কৰি এনআৰএল শাখাৰ নৰ্থ ইষ্ট পেট্ৰ'লিয়াম মজদুৰ ইউনিয়নে মেঘালয় ৰেজিষ্ট্ৰেচনৰ ইন্ধন সৰবৰাহ কৰা বাহন সমূহ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে।
মেঘালয়ত সৃষ্টি হোৱা তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ বাবে এইবাৰ অসমৰ পৰা চুবুৰীয়া ৰাজ্যখনলৈ ইন্ধন সৰবৰাহ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে এনআৰএল শাখাৰ নৰ্থ ইষ্ট পেট্ৰ'লিয়াম মজদুৰ ইউনিয়নে।
মেঘালয়লৈ কোনো ধৰণৰ পেট্ৰ'ল, ডিজেল আৰু এল পি জি (LPG) কঢ়িয়াই নিয়া টেংকাৰে যাত্ৰা নকৰে। এই সৰবৰাহ বন্ধৰ ফলত মেঘালয়ত তীব্ৰ ইন্ধন সংকটৰ সৃষ্টি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। মেঘালয়ত অসমৰ চালক আৰু পৰ্যটকসকলৰ ওপৰত হোৱা আক্ৰমণৰ বাবে এই সিদ্ধান্ত।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা