সৰ্বাধিক চাহপাত ছিঙিব পৰা মহিলা শ্ৰমিকক পুৰস্কৃত কৰিব বালিপৰাৰ হাৰচুৰা চাহ বাগিছা কতৃপক্ষই
শোণিতপুৰ, ২২ আগষ্ট (হি.স.)। বালিপৰাৰ হাৰচুৰা চাহ বাগিছা কতৃপক্ষই মহিলা শ্ৰমিকৰ বাবে লৈছে এক বিশেষ পদক্ষেপ৷ শোণিতপুৰৰ বালিপৰাৰ হাৰচুৰা চাহ বাগিছা কতৃপক্ষই মহিলা শ্ৰমিক সকলৰ বাবে লৈছে এক বিশেষ পদক্ষেপ। গুডৰিক গ্ৰুপ লিমিটেডৰ অধিনৰ বালিপৰাৰ হাৰচুৰা
সৰ্বাধিক চাহপাত ছিঙিব পৰা মহিলা শ্ৰমিকক পুৰস্কৃত কৰিব বালিপৰাৰ হাৰচুৰা চাহ বাগিছা কতৃপক্ষই


শোণিতপুৰ, ২২ আগষ্ট (হি.স.)। বালিপৰাৰ হাৰচুৰা চাহ বাগিছা কতৃপক্ষই মহিলা শ্ৰমিকৰ বাবে লৈছে এক বিশেষ পদক্ষেপ৷

শোণিতপুৰৰ বালিপৰাৰ হাৰচুৰা চাহ বাগিছা কতৃপক্ষই মহিলা শ্ৰমিক সকলৰ বাবে লৈছে এক বিশেষ পদক্ষেপ। গুডৰিক গ্ৰুপ লিমিটেডৰ অধিনৰ বালিপৰাৰ হাৰচুৰা চাহ বাগিছা কতৃপক্ষই বাগিছাখনৰ মহিলা শ্ৰমিক সকলক উৎসাহিত কৰিবৰ বাবে লৈছে এই পদক্ষেপ ।

প্ৰত্যেক মাহতে বাগিছাখনৰ প্ৰত্যেকটো চালানে চালানে যি তিনিগৰাকী মহিলা শ্ৰমিকে সৰ্বাধিক পাত ছিঙিব পাৰে তেওঁলোকক আৰ্থিক পুৰস্কাৰ আগবঢ়াইছে বাগিছা কতৃপক্ষই। প্ৰথম পুৰস্কাৰ হিচাপে তিনি হাজাৰ টকা, দ্বিতীয় পুৰস্কাৰ ২০০০ হাজাৰ টকা আৰু তৃতীয় পুৰস্কাৰ নগদ ১৫০০ টকাৰে পুৰস্কৃত কৰা হয়। এই পদক্ষেপ গ্ৰহণ কৰিছে গুডৰিক গ্ৰুপ লিমিটেডৰ অধিনৰ হাৰচুৰা চাহ বাগিছাই৷ উল্লেখ্য যে বাগিছাখনৰ এম ডি (চি ই অ) সাইবল দত্তৰ তত্বাৱধানত অনুষ্ঠিত পুৰস্কাৰ বিতৰণ অনুষ্ঠানত বাগিছা খনৰ পৰিচালক মণিৰুল ইছলাম , ফিল্ড এচিষ্টেণ্ট মৃণ্ময় শইকীয়া আৰু ফেক্টৰী এচিষ্টেণ্ট লক্ষ্যজ্যোতি শইকীয়া উপস্থিত থাকে।আৰু এই পদক্ষেপ আগন্তুক দিনবোৰতো চলাই নিব বুলি বাগিছা কতৃপক্ষই জানিব দিয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande