
শোণিতপুৰ, ২২ আগষ্ট (হি.স.)। বালিপৰাত পুত্ৰক বিচাৰি চিলাপথাৰৰ এগৰাকী মাতৃ৷ বালিপৰাত পুত্ৰক বিচাৰি এগৰাকী মাতৃৰ বিননি । হাতত পুত্ৰৰ ফটো লৈ বালিপৰাৰ বাছ আস্হান, হোটেল, ৰে'ল ষ্টেচনত আজি দেখা গল এগৰাকী মাতৃক । চিলাপথাৰৰ এই মহিলা গৰাকীয়ে বিচাৰি ফুৰিছে পুত্ৰ কমল নাৰ্জাৰিক ।
জানিব পৰা মতে ২৫ বছৰীয়া কমলে কিছুদিন পূৰ্বে ঘৰৰপৰা কামৰ সন্ধানত অৰুনাচলৰ ভালুকপুঙলৈ আহিছিল যদিও কেইদিনমান ভালুকপুঙত থাকি পুনৰ চিলাপথাৰৰ ঘৰলৈ বুলি ওলাই আহে । ১৩ আগষ্টৰ সন্ধ্যা বালিপৰাত উপস্থিত হৈ কমলে মাতৃলৈ ফোন কৰি ঘৰলৈ গৈ থকাৰ কথা জনাইছিল । কিন্ত উক্ত দিনাৰ পৰাই সন্ধানহীন হৈ পৰে কমল নাৰ্জাৰি। তদুপৰি মোবাইল ফোনটোও অফ হৈ পৰে । ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে চিলাপথাৰ আৰক্ষীক অৱগত কৰাৰ লগতে আজি বালিপৰাত এনেদৰে পুত্ৰক বিচাৰি থকা দেখা যায় মহিলাগৰাকীক ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা