
নলবাৰী, ২২ আগষ্ট (হি.স.)। ১৯৭১ চনৰ পিছত অসমলৈ অহা বিদেশী লোকক অসমৰ পৰা খেদিব লাগে আৰু ১৯৭১ চনৰ আগৰ সকলোকে অসমীয়া হিচাপে লৈ আমি আগবাঢ়ি যাব লাগিব।এতিয়া আগবাঢ়ি যোৱাৰ সময়।১৯৭১ চনৰ আগৰ লোক সকলৰ মাজত বেছি অসমীয়া কম অসমীয়া মনোভাৱৰ সৃষ্টি হব নালাগে ।এই মন্তব্য বিশিষ্ট চিন্তাবিদ ময়ূৰ বৰাৰ।
নলবাৰীত এখন গ্ৰন্থ উন্মোচনী সভাত অংশ লৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য প্ৰকাশ কৰে ময়ূৰ বৰাই। নলবাৰীৰ কবি শিক্ষক প্ৰাণহৰি দাসৰ।তেওঁ লগতে কয় যে এবেগ হাইকু আৰু কন্দৰ্প কুমাৰ দাসৰ কুঁৱলী ধূসৰিত গধুলি নামৰ গ্ৰন্থ দুখনৰ আজি নলবাৰীত উন্মোচন কৰা হয়।এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত অংশ গ্ৰহণ কৰা ময়ূৰ বৰাই পুনৰ কয় যে নলবাৰীৰ জনসাধাৰণৰ পৰা অসমৰ মানুহে বহু শিকিব লগীয়া আছে। ইপিনে অসম আৰু মেঘালয়ৰ সংঘাট সম্পৰ্কতো মন্তব্য প্ৰকাশ কৰে ময়ূৰ বৰাই।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা