
গুৱাহাটী, ২২ আগষ্ট (হি.স.)। উত্তৰ-পূব সীমান্ত ৰে'লৱেই ৰে’ল যাত্ৰীসকলৰ সমগ্ৰ যাত্ৰাপথত উন্নত সুৰক্ষা, আৰাম আৰু সুবিধা নিশ্চিত কৰাৰ বাবে সদায় প্ৰতিশ্ৰুতিবদ্ধ। ভাৰতীয় ৰে'লৱেৰ চলিত আধুনিকীকৰণ পদক্ষেপৰ অংশ হিচাপে এই জ’নে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ অধীনত চলাচল কৰা সকলো দীৰ্ঘ দূৰত্বৰ যাত্ৰীবাহী ৰে'লসমূহৰ পৰম্পৰাগত আইচিএফ ডবাৰ পৰিৱৰ্তে আধুনিক লিংকে হাফমেন বুশ্ব ডবালৈ (এলএইচবি) ৰূপান্তৰ সম্পূৰ্ণ কৰি তুলিছে।
এই ৰূপান্তৰ সম্পূৰ্ণ হোৱাৰ ফলত, বৰ্তমান উত্তৰ-পূব সীমান্ত ৰে'লৱেত মুঠ ১০৩ খন দীৰ্ঘ দূৰত্বৰ যাত্ৰীবাহী ৰে'ল সেৱা এলএইচবি ডবাৰ সৈতে চলাচল কৰি আছে। ইয়াৰে ভিতৰত ৫৫ খন ৰে’লৰ সেৱা উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ আৰু ৪৮ খন সেৱা অন্যান্য ৰে'লৱে সংমণ্ডলৰ অন্তৰ্গত। এই সফলতাই উত্তৰ-পূব সীমান্ত ৰে'লৱেক দীৰ্ঘ দূৰত্বৰ ৰে'ল সেৱাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে এলএইচবিৰে সজ্জিত কৰি তুলিছে। এলএইচবি ডবালৈ এই পৰিৱৰ্তন হৈছে ভাৰতীয় ৰে'লৱেৰ অধিক সুৰক্ষিত আৰু আধুনিক ৰে'ল সেৱা প্ৰদানৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি যাত্ৰীসকলৰ সুৰক্ষা বৃদ্ধি, উন্নত স্বাচ্ছন্দ্য প্ৰদান কৰা আৰু পৰিচালনগত দক্ষতা শক্তিশালী কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ সফলতা ৰূপে পৰিগণিত হৈছে।
এই উন্নত এলএইচবি ডবাসমূহত যাত্ৰীসকলৰ সুৰক্ষা অধিক শক্তিশালী কৰাৰ বাবে ফায়াৰ এণ্ড স্মোক ডিটেকচন চিষ্টেম (এফএছডিএছ), ফায়াৰ ডিটেকচন এণ্ড চাপ্ৰেছন চিষ্টেম (এফডিএছএছ) আৰু অ্যাৰোছল-বেছড ফায়াৰ ডিটেকচন চিষ্টেম উপলব্ধ কৰা হৈছে । এক সৰ্বমুঠ ১২২৬ টা এলএইচবি এচি ডবাত এফএছডিএছ, ১৫৫ খন পাৱাৰ কাৰ আৰু ৭৯ খন পেন্ট্ৰী কাৰত এফডিএছএছ সংলগ্ন কৰা হৈছে । ইয়াৰ উপৰিও ৩৪৩৬ টা এচি ডবাত অ্যাৰোছল-বেছড ফায়াৰ ডিটেকচন চিষ্টেম উপলব্ধ কৰা হৈছে। এই অগ্নি নিৰীক্ষণ ব্যৱস্থাসমূহে ৰে'লৰ ডবাসমূহৰ গুৰুত্বপূৰ্ণ স্থানসমূহ সৰ্বদা নিৰীক্ষণ কৰি যিকোনো সম্ভাব্য অগ্নিকাণ্ডৰ ঘটনা চিনাক্ত কৰাৰ লগতে সময়মতে ব্যৱস্থা গ্ৰহণৰ বাবে তাৎক্ষণিকভাৱে এলাৰ্ম বজাই দিয়ে। আগতীয়াকৈ আৰু সঠিকভাৱে অগ্নিকাণ্ড চিনাক্ত কৰাৰ ফলত আতংক আৰু আঘাত প্ৰতিৰোধ কৰাত ই সহায়ক হয়, লগতে প্ৰাণহানি আৰু সম্পত্তিৰ ক্ষয়-ক্ষতি হ্ৰাস কৰাৰ লগতে ৰে'ল সেৱাত হ’ব পৰা ব্যাঘাতো কমাব পৰা যায়।
অগ্নি সুৰক্ষা অধিক শক্তিশালী কৰাৰ বাবে সকলো পাৱাৰ কাৰ, পেন্ট্ৰী কাৰ আৰু এচি ডবাত পৰ্যায়ক্ৰমে উপযুক্ত অগ্নি-সুৰক্ষা ব্যৱস্থাৰে সজ্জিত কৰা হয়। ৰে'লৰ সুৰক্ষা উন্নত কৰাটো এক ধাৰাবাহিক প্ৰক্ৰিয়া আৰু ইয়াৰ বাবে অবিৰতভাৱে প্ৰচেষ্টা চলাই থকা হয়। নিয়মীয়া সুৰক্ষা অভিযান চলোৱাৰ উপৰি ৰে'লৱে আন্তঃগাঁথনিৰ ওপৰত সময়ে সময়ে সুৰক্ষা অডিট আৰু পৰিদৰ্শন সম্পন্ন কৰা হয় যাতে এই মূল্যায়নসমূহৰ জৰিয়তে সম্পদৰ ৰক্ষণাবেক্ষণ, সুৰক্ষা পদ্ধতি আৰু প্ৰণালীগত ত্ৰুটিৰ ক্ষেত্ৰত থকা দুৰ্বলতাসমূহ চিনাক্ত কৰিব পৰা যায়।
এই মূল্যায়নসমূহে যিকোনো অনাকাংক্ষিত ঘটনা প্ৰতিৰোধৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰাত সহায় কৰে আৰু অধিক সুৰক্ষিত ৰে'ল পৰিচালনা নিশ্চিত কৰি তোলে। উত্তৰ-পূব সীমান্ত ৰে'লৱেই ইয়াৰ সমগ্ৰ নেটৱৰ্কত সৰ্বোচ্চ স্তৰৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সদায় গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ হৈ ৰৈছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী