খান্দি গ্ৰাম মলুৱাৰ পৰা শ্ৰী ভূমি জিলাৰ কৰিমগঞ্জ বাইপাছৰ ভূমি পূজনৰ মাংগলিক অনুষ্ঠানত উপস্থিত মন্ত্ৰী কৃষ্ণেন্দু পাল
বৰাক উপত্যকাৰ উন্নয়নৰ স্বাৰ্থত প্ৰতিটো প্ৰকল্প তথা আঁচনিৰ নিৰ্মাণ আৰু ৰূপায়ণ সঠিক সময়ত হ''ব লাগিব - মন্ত্ৰী কৃষ্ণেন্দু পাল কাছাৰ, ২২ আগষ্ট (হি.স.)। বৰাক উপত্যকাৰ সামগ্ৰীক বিকাশৰ বাবে অসম চৰকাৰে বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰি আহিছে । তা
বৰাক উপত্যকাৰ প্ৰেক্ষাগৃহত এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ মন্ত্ৰী কৃষ্ণেন্দু পালৰ


বৰাক উপত্যকাৰ উন্নয়নৰ স্বাৰ্থত প্ৰতিটো প্ৰকল্প তথা আঁচনিৰ নিৰ্মাণ আৰু ৰূপায়ণ সঠিক সময়ত হ'ব লাগিব - মন্ত্ৰী কৃষ্ণেন্দু পাল

কাছাৰ, ২২ আগষ্ট (হি.স.)। বৰাক উপত্যকাৰ সামগ্ৰীক বিকাশৰ বাবে অসম চৰকাৰে বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰি আহিছে । তাৰে পৰিপ্ৰেক্ষিতত প্ৰতিটো আঁচনি আৰু প্ৰকল্প যাতে নিৰ্ধাৰিত সময়ত ৰাইজৰ সেৱাৰ বাবে মুকলি কৰিব পৰা যায় তাৰে প্ৰতি লক্ষ্য ৰাখি জনস্বাস্থ্য কাৰিকৰী,বৰাক উপত্যকা উন্নয়ন আদি বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালৰ অধ্যক্ষতাত অসম সচিবালয়, বৰাক উপত্যকাৰ প্ৰেক্ষাগৃহত কাছাৰ জিলা উপায়ুক্তৰ উপস্থিতিত বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়ণ হৈ থকা উন্নয়নমূলক আঁচনি তথা প্ৰকল্প সমূহৰ সম্পৰ্কে এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়।

উক্ত বৈঠকত প্ৰধানকৈ শিলচৰত নিৰ্মাণৰত প্ৰেক্ষাগৃহ ও জিলা পুথিভঁৰাল আৰু অসম সচিবালয় বৰাক উপত্যকাৰ নিৰ্মাণ কাৰ্য্য খৰটকীয়া তথা বিভিন্ন বিভাগৰ মাজত সমন্বয় ৰক্ষা কৰি এই প্ৰকল্প সমূহৰ কাম আগুৱাই লৈ যাবলৈ মন্ত্ৰী গৰাকীয়ে বিষয়া সকলক নিৰ্দেশ প্ৰদান কৰে। মন্ত্ৰী গৰাকীয়ে লগতে প্ৰকল্প সমূহৰ নিৰ্মাণৰ মানদণ্ডৰ পৰ্যবেক্ষণৰ বাবে বিভাগীয় বিষয়া সকলক সময়ে সময়ে উক্ত স্থান পৰিদৰ্শনৰ বাবে নিৰ্দেশ দিয়ে। মন্ত্ৰী গৰাকীয়ে মত প্ৰকাশ কৰে যে সবল আৰ্ন্তঃগাঠনিৰ জৰিয়তে বৰাক উপত্যকা উন্নয়ন পথত নিচ্ছয় অগ্ৰসৰ হ'ব।

ইয়াৰ পিছতে মন্ত্ৰী গৰাকীয়ে ৩২.৭৯ কোটি টকাৰে খান্দি গ্ৰাম মলুৱাৰ পৰা শ্ৰী ভূমি জিলাৰ কৰিমগঞ্জ বাইপাছলৈ ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ ৰ উন্নতিকৰণৰ ভূমি পূজন মাংগলিক অনুষ্ঠানত উপস্থিত থাকে। ইয়াৰ লগতে মন্ত্ৰী গৰাকীয়ে বৰাক নদীৰ ওপৰত নিৰ্মাণৰত মলুৱা মাথেৰপুৰ দলঙৰ নিৰ্মাণ কাৰ্য্য পৰিদৰ্শন কৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande