সদৌ অসম পৌৰসভা আয়ুক্ত সংস্থাৰ সৈতে মন্ত্ৰী কৌশিক ৰায়ৰ বৈঠক
উন্নত পৌৰ প্ৰশাসনৰ বাবে সমন্বিত আৰু সহযোগিতামূলক দৃষ্টিভংগীৰে কাম কৰিবলৈ আহ্বান গুৱাহাটী, ২২ আগষ্ট (হি.স.)। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি জনতা ভৱনৰ ব্লক-বি স্থিত তেওঁৰ কাৰ্যালয় সভাকক্ষত সদৌ অসম পৌৰসভা আয়ুক্ত সংস
সদৌ অসম পৌৰসভা আয়ুক্ত সংস্থাৰ সৈতে মন্ত্ৰী কৌশিক ৰায়ৰ বৈঠক


উন্নত পৌৰ প্ৰশাসনৰ বাবে সমন্বিত আৰু সহযোগিতামূলক দৃষ্টিভংগীৰে কাম কৰিবলৈ আহ্বান

গুৱাহাটী, ২২ আগষ্ট (হি.স.)। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আদি বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি জনতা ভৱনৰ ব্লক-বি স্থিত তেওঁৰ কাৰ্যালয় সভাকক্ষত সদৌ অসম পৌৰসভা আয়ুক্ত সংস্থা (এ এ এম বি চি )-ৰ বিষয়ববীয়া আৰু সদস্যসকলৰ সৈতে এখন বৈঠকত মিলিত হয়।

বৈঠকত বিভিন্ন পৌৰসভাৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু আয়ুক্তসকলে দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন সমস্যা আৰু প্ৰত্যাহ্বানৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়। সংস্থাৰ সভাপতি ড০ সূৰজিৎ বৰ্মনে বিভিন্ন সমস্যা আৰু দাবীসমূহ মন্ত্ৰীগৰাকীৰ সন্মুখত অৱগত কৰে।

মন্ত্ৰী ৰায়ে সংস্থাৰ যুক্তিসংগত সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত বিভাগৰ তৰফৰ পৰা সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। লগতে পৌৰ প্ৰশাসনৰ দায়িত্বসমূহ অধিক নিষ্ঠা আৰু দায়বদ্ধতাৰে পালন কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সহায় আগবঢ়োৱা হ’ব বুলি তেওঁ উল্লেখ কৰে।

নগৰ প্ৰশাসন অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত সমন্বয় আৰু সহযোগিতাৰ গুৰুত্ব আৰোপ কৰি মন্ত্ৰী ৰায়ে সকলোকে সমন্বিত আৰু সহযোগিতামূলক দৃষ্টিভংগীৰে কাম কৰিবলৈ আহ্বান জনায়। সংশ্লিষ্ট সকলো পক্ষৰ সৈতে ঘনিষ্ঠ সমন্বয় ৰক্ষা কৰি দক্ষ, দায়বদ্ধ আৰু জনমুখী পৌৰ সেৱা নিশ্চিত কৰাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে।

মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে অতি শীঘ্ৰে ৰাজ্যৰ নগৰীয়া স্থানীয় নিকায়সমূহৰ কাৰ্যসম্পাদনৰ মূল্যায়ন কৰা হ’ব। কাৰ্যসম্পাদনৰ ভিত্তিত স্থানীয় নিকায়সমূহক সৌৰবাতি (ছোলাৰ লাইট ) আদি বিভিন্ন সুবিধা প্ৰদান কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে। পৌৰ সভাসমূহক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত উন্নত কাৰ্যসম্পাদন, ফলপ্ৰসূ সেৱা প্ৰদান আৰু সম্পদৰ দক্ষ ব্যৱহাৰক গুৰুত্বপূৰ্ণ মাপকাঠী হিচাপে বিবেচনা কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে কয়।

মন্ত্ৰী ৰায়ে লগতে জানিবলৈ দিয়ে যে অতি শীঘ্ৰে ৰাজ্যৰ সকলো স্থানীয় নিকায়ৰ অধ্যক্ষ, উপাধ্যক্ষ, কাৰ্যবাহী বিষয়া, বিত্তীয় ব্যৱস্থাপনা বিষয়া আৰু নগৰীয়া কাৰিকৰী বিষয়াসকলক লৈ আন এখন বৈঠক অনুষ্ঠিত কৰা হ’ব। উক্ত বৈঠকত নগৰ উন্নয়নমূলক বিভিন্ন পদক্ষেপৰ ফলপ্ৰসূ ৰূপায়ণ আৰু স্থানীয় নিকায়সমূহৰ কাৰ্যক্ষমতাৰ সৈতে জড়িত বিভিন্ন বিষয়ত বিস্তৃতভাৱে আলোচনা কৰা হ’ব।

বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব তথা ভাৰপ্ৰাপ্ত পৌৰ প্ৰশাসন সঞ্চালক টংকেশ্বৰ দাসো উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande