
নগাঁও, ২২ আগষ্ট (হি.স.) : নগাঁও জিলাৰ চামগুৰিৰ জীয়াজুৰিত ‘লাভ জেহাদ’ৰ অভিযোগক লৈ উত্তেজনাৰ সৃষ্টি হৈছে । ৰাজ্যত ‘লাভ জেহাদ’ক কেন্দ্ৰ কৰি বিতৰ্ক অব্যাহত থকাৰ মাজতে চামগুৰিৰ জীয়াজুৰিতো এই সন্দৰ্ভত এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত জীয়াজুৰি অঞ্চলত এগৰাকী হিন্দু নাবালীকা যুৱতীক প্ৰেমৰ জালত পেলোৱাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে ছাজিদ আহমেদ নামৰ এজন যুৱকৰ বিৰুদ্ধে । অভিযোগ অনুসৰি, নিশাৰ ভাগত যুৱতীগৰাকীৰ মাতৃ অসুস্থ বুলি খবৰ লোৱাৰ অজুহাতত ছাজিদ আহমেদ যুৱতীগৰাকীৰ ঘৰত উপস্থিত হয়। নিশা যুৱকজনক ঘৰত প্ৰৱেশ কৰা দেখি স্থানীয় ৰাইজৰ মাজত সৃষ্টি হয় তীব্ৰ ক্ষোভ। পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে যুৱকজনক আটক কৰি চামগুৰি আৰক্ষীৰ হাতত গতাই দিয়ে। ইয়াতে ক্ষান্ত নাথাকি স্থানীয় ৰাইজে যুৱক-যুৱতী দুয়োকে ৰাজহুৱাভাৱে কাণত ধৰাই আঁঠু কঢ়াই এনে ঘটনা পুনৰ নকৰিবলৈ সকীয়নি দিয়ে।
আনহাতে, এই ঘটনাৰ সৈতে জড়িত বুলি অভিযোগ উঠা ছাজিদ আহমেদৰ বিৰুদ্ধে পূৰ্বেও অভিযোগ উত্থাপিত হৈছিল বুলি জানিবলৈ দিছে স্থানীয় একাংশই। অভিযোগ অনুসৰি, যোৱা এপ্ৰিল মাহত মহিলাৰ শালীনতা হানিৰ অভিযোগত ছাজিদ আহমেদৰ পিতৃকো স্থানীয় ৰাইজে চামগুৰি আৰক্ষীৰ হাতত গতাই দিছিল । ঘটনাটোৰ আঁৰত কোনো সংগঠিত চক্ৰ জড়িত আছে নেকি? নে এয়া কেৱল দুজন যুৱক-যুৱতীৰ ব্যক্তিগত সম্পৰ্কৰ বিষয় তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ