যোৰহাট আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ দুজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ
যোৰহাট, ২২ আগষ্ট (হি.স.)। এক্সন মুডত যোৰহাট আৰক্ষী। অন্বেষা শইকিয়া কাণ্ডৰ পাছতেই এক্সন মুডত থকা যোৰহাট আৰক্ষীয়ে কালি সন্ধিয়া কেন্দুগুৰি ১ নং বামুন গাঁৱত বুজন পৰিমানৰ গাঞ্জা সহ এজন ব্যক্তিক আটক কৰি প্ৰায় ৩০ মিনিটৰ পাছতেই যোৰহাটৰ লায়ন্স চকু চিকিৎসাল
যোৰহাট আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ দুজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ


যোৰহাট, ২২ আগষ্ট (হি.স.)। এক্সন মুডত যোৰহাট আৰক্ষী। অন্বেষা শইকিয়া কাণ্ডৰ পাছতেই এক্সন মুডত থকা যোৰহাট আৰক্ষীয়ে কালি সন্ধিয়া কেন্দুগুৰি ১ নং বামুন গাঁৱত বুজন পৰিমানৰ গাঞ্জা সহ এজন ব্যক্তিক আটক কৰি প্ৰায় ৩০ মিনিটৰ পাছতেই যোৰহাটৰ লায়ন্স চকু চিকিৎসালয়ৰ সন্মুখত নিষিদ্ধ ড্ৰাগছৰ সৈতে এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়৷

যুৱকজন চিনামৰা কাবাঙ গাঁৱৰ উত্তম বৰা বুলি জানিব পৰা গৈছে৷ আনহাতে জব্দ কৰা ড্ৰাগছখিনি প্ৰায় ১৮ গ্ৰাম আৰু ইয়াৰ মূল্য লক্ষাধিক টকা বুলি জানিব পৰা গৈছে৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande