যোৰাবাটত তৃতীয় দিনাও উত্তপ্ত পৰিস্থিতি, কেব চালক সন্থাৰ প্ৰতিবাদত উত্তাল যোৰাবাট
গুৱাহাটী, ২২ আগষ্ট (হি.স.)। যোৰাবাটত আজি তৃতীয় দিনাও অব্যাহত আছে কেব চালক সন্থাৰ প্ৰতিবাদ। অসম-মেঘালয় সীমান্তৰ পৰিস্থিতিক কেন্দ্ৰ কৰি যোৱা কেইবাদিন ধৰি সৃষ্টি হোৱা উত্তেজনাৰ মাজতে আজি পুনৰ উত্তপ্ত হৈ পৰিছে যোৰাবাট। প্ৰতিবাদস্থলীত উপস্থিত হৈ পৰিস
যোৰাবাটত তৃতীয় দিনাও উত্তপ্ত পৰিস্থিতি


যোৰাবাটত তৃতীয় দিনাও উত্তপ্ত পৰিস্থিতি


গুৱাহাটী, ২২ আগষ্ট (হি.স.)। যোৰাবাটত আজি তৃতীয় দিনাও অব্যাহত আছে কেব চালক সন্থাৰ প্ৰতিবাদ। অসম-মেঘালয় সীমান্তৰ পৰিস্থিতিক কেন্দ্ৰ কৰি যোৱা কেইবাদিন ধৰি সৃষ্টি হোৱা উত্তেজনাৰ মাজতে আজি পুনৰ উত্তপ্ত হৈ পৰিছে যোৰাবাট।

প্ৰতিবাদস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় পূব কামৰূপৰ ডিচিপি-এ। ইফালে, আজি পুনৰ মেঘালয় বাইপাছত অসমৰ বাহনৰ ওপৰত আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে।

আগৰতলাৰ পৰা অসম অভিমুখে আহি থকা এখন বাহনত আক্ৰমণৰ অভিযোগ। বাহনখনৰ তেলৰ টেংকাৰৰ চাইড গ্লাছ ভাঙি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে। চালকৰ অভিযোগ অনুসৰি, কলা কাপোৰ পৰিধান কৰি অহা এজন যুৱকে বাহনখনত আক্ৰমণ চলায়। এই ঘটনাক লৈ পুনৰ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইয়াৰ মাজতে মেঘালয়ত অসমৰ এগৰাকী চালকক মাৰধৰ কৰাৰো অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি, মেঘালয়ত এজন অসমৰ লোকক আক্ৰমণ কৰাৰ পাছত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। ভয় আৰু নিৰাপত্তাহীনতাৰ মাজতে অসমৰ এজন চালকে মেঘালয়ৰ পৰা পলাই অসমলৈ অহা বুলি জানিব পৰা গৈছে।

আনহাতে, আন এক ঘটনাই পুনৰ সৃষ্টি কৰিছে চাঞ্চল্যৰ। বাহন বেয়া হোৱাৰ পাছত মেকানিক বিচাৰি থকা সময়তে খাছী লোকৰ আক্ৰমণৰ সন্মুখীন হোৱা বুলি অভিযোগ কৰিছে এগৰাকী চালকে। এই ঘটনাসমূহক লৈ অসমৰ চালকসকলৰ মাজত সৃষ্টি হৈছে ব্যাপক ক্ষোভ। ইফালে প্ৰতিবাদকাৰীৰ মাজেৰে পাৰ হৈ গ'ল মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী এছ ধৰৰ কনভয়। কনভয় পাৰ হৈ যোৱাৰ সময়ত প্ৰতিবাদস্থলীত যথেষ্ট উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়।পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে প্ৰতিবাদস্থলীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছে। ইয়াৰ মাজতে প্ৰতিবাদত অংশ নোলোৱা অসমৰ একাংশ চালকক লৈও সৃষ্টি হৈছে উত্তেজনা। প্ৰতিবাদ অব্যাহত থকাৰ সময়তো ভাড়া চলাই থকা একাংশ বাহনৰ চালকক জবাবদিহি কৰে প্ৰতিবাদকাৰীসকলেপ্ৰতিবাদকাৰীসকলৰ অভিযোগ—এটা অংশৰ চালকে প্ৰতিবাদৰ প্ৰতি সমৰ্থন নজনাই বাহন চলাই আছে। এই বিষয়টোক লৈও পৰিস্থিতি উত্তপ্ত হৈ পৰে।

আনহাতে, যোৰাবাটত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ অভিযোগত এজন লোকক আটক কৰিছে যোৰাবাট আৰক্ষীয়ে। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ মাজতে পুনৰ সৃষ্টি হয় আন এক উত্তপ্ত পৰিস্থিতি। মেঘালয় আৰক্ষীৰ এখন বাহন প্ৰতিবাদকাৰীয়ে আবদ্ধ কৰি ৰাখে। বহু সময় ধৰি মেঘালয় আৰক্ষীৰ বাহনখনক আগবাঢ়ি যাবলৈ নিদিলে প্ৰতিবাদকাৰীয়ে। ইয়াক কেন্দ্ৰ কৰি পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে। পৰৱৰ্তী সময়ত অসম আৰক্ষীৰ সহযোগতহে মেঘালয় আৰক্ষীৰ কনভয়টো সেই স্থান পাৰ হৈ যায়।

বৰ্তমানেও যোৰাবাটত অব্যাহত আছে উত্তেজনাময় পৰিস্থিতি।এফালে কেব চালক সন্থাৰ প্ৰতিবাদ, আনফালে মেঘালয়ৰ পৰা অহা-যোৱা কৰা বাহনক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনা—সকলো মিলি পৰিস্থিতি যথেষ্ট স্পৰ্শকাতৰ হৈ পৰিছে। ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ ব্যাপক উপস্থিতি দেখা গৈছে। প্ৰশাসনৰ ফালৰ পৰাও পৰিস্থিতি শান্ত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। উল্লেখ্য যে, অসম-মেঘালয় সীমান্তৰ শেহতীয়া ঘটনাক কেন্দ্ৰ কৰি দুয়োখন ৰাজ্যৰ মাজতো আলোচনাৰ প্ৰক্ৰিয়া চলি আছে।

অসম আৰু মেঘালয় চৰকাৰৰ মাজত বিষয়টোক লৈ আলোচনা অব্যাহত আছে। কিন্তু আলোচনাৰ অন্তত কি সিদ্ধান্ত গ্ৰহণ কৰা হয়, সেই সিদ্ধান্তত দুয়োখন ৰাজ্যৰ চৰকাৰে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু সৰ্বোপৰি সেই সিদ্ধান্ত প্ৰতিবাদকাৰীসকলে মানি লয় নে নলয়—সেয়া এতিয়া লক্ষণীয় হ'ব। ইফালে, যোৰাবাটৰ পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে আৰক্ষী-প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, সেই দিশতো থাকিব সকলোৰে দৃষ্টি।

যোৰাবাটত আজি তৃতীয় দিনাও প্ৰতিবাদ আৰু উত্তেজনা অব্যাহত। পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ আৰক্ষীৰ তৎপৰতা অব্যাহত থকাৰ মাজতে অসম-মেঘালয় চৰকাৰৰ আলোচনাৰ ফলাফলৰ ওপৰত এতিয়া সকলোৰে নজৰ।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande