বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰৰ ২৩-২৪ আগষ্টত ৰাছিয়া ভ্ৰমণ
নতুন দিল্লী, ২২ আগষ্ট (হি.স.)। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে অহা ২৩ আৰু ২৪ আগষ্টত আনুষ্ঠানিক যাত্ৰাত ৰাছিয়া ভ্ৰমণ কৰিব । ৰাছিয়াৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী ডেনিছ মন্তুৰভৰ আমন্ত্ৰণত অনুষ্ঠিত এই ভ্ৰমণৰ সময়ত জয়শংকৰে ভাৰত-ৰাছিয়া আন্তঃচৰকাৰী
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰৰ ২৩-২৪ আগষ্টত ৰাছিয়া ভ্ৰমণ


নতুন দিল্লী, ২২ আগষ্ট (হি.স.)। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে অহা ২৩ আৰু ২৪ আগষ্টত আনুষ্ঠানিক যাত্ৰাত ৰাছিয়া ভ্ৰমণ কৰিব । ৰাছিয়াৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী ডেনিছ মন্তুৰভৰ আমন্ত্ৰণত অনুষ্ঠিত এই ভ্ৰমণৰ সময়ত জয়শংকৰে ভাৰত-ৰাছিয়া আন্তঃচৰকাৰী আয়োগৰ (আই আৰ আই জি চি-টি ই চি) ২৭ সংখ্যক অধিবেশনৰ সহ-সভাপতি হিচাপে কাম কৰিব।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি আই আৰ আই জি চি-টি ই চিৰ বৈঠকত দুয়োখন দেশৰ মাজত বাণিজ্য, অৰ্থনৈতিক, বৈজ্ঞানিক, প্ৰযুক্তিগত আৰু সাংস্কৃতিক সহযোগিতাৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত আলোচনা কৰা হ’ব।

এই ভ্ৰমণৰ সময়ত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ৰাছিয়াৰ সমকক্ষ ছাৰ্গেই লাভৰভকো সাক্ষাৎ কৰিব। আঞ্চলিক আৰু বিশ্বজনীন বিষয়ত মত বিনিময় কৰিব দুয়োগৰাকী নেতাই।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande