
শোণিতপুৰ, ২২ আগষ্ট (হি.স.) :
তেজপুৰৰ চিত্ৰবন বাকৰিত শুকুৰবাৰৰে পৰা আৰম্ভ হৈছে ৩১ সংখ্যক আন্ত:জিলা জুনিয়ৰ গাৰ্লচ হেণ্ডবল চেম্পিয়নশ্বিপ। এই প্ৰতিযোগিতাত ৰাজ্যখনৰ ১৮ খন জিলাৰ ৩৫০ গৰাকী খেলুৱৈৰ অংশ গ্ৰহণেৰে এক উছৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে ।
শোণিতপুৰ জিলা হেণ্ডবল সন্থা আৰু বিছ হেণ্ডবল এছ'চিয়েচনৰ উদ্যোগত অনুষ্ঠিত হোৱা এই হেণ্ডবল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত অসম অলিম্পিক সন্থাৰ উপসভাপতি তথা বৰছলাৰ বিধায়ক ঋতুবৰণ শৰ্মা, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, তেজপুৰ জিলা ক্ৰীড়া সন্হাৰ সভাপতি জিতেন বৰঠাকুৰ, শোণিতপুৰ জিলা ক্ৰীড়া বিষয়া প্ৰাঞ্জল দিহিঙ্গীয়া, প্ৰবীণ ক্ৰীড়াবিদ ডা০ বিশ্বৰঞ্জন কলিতা, তেজপুৰ পৌৰসভাৰ প্ৰাক্তন পৌৰপতি পুষ্পা ডেকা আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ছোৱালী হেণ্ডবল খেলুৱৈ সকলক অভিনন্দন জ্ঞাপন কৰি উদ্বুদ্ধ কৰে ।
আনহাতে প্ৰবীণ ক্ৰীড়াবিদ ডা০ বিশ্বৰঞ্জন কলিতাই মূল পতাকা আৰু সন্হাৰ সভাপতি সকলে পতাকা উত্তোলন কৰা অনুষ্ঠানটিত তেজপুৰৰ ক্ৰীড়ানুৰাগী ব্যক্তি সকলে অংশ গ্ৰহণ কৰে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ