মনিপুৰত নিৰাপত্তা বাহিনীৰ অভিযানত বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ
ইম্ফল, ২২ আগষ্ট (হি.স.)। মনিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান চলাই নিৰাপত্তা বাহিনীয়ে বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী জব্দ কৰিব সক্ষম হয়। অসম ৰাইফলছ, টেৰিটৰিয়েল আৰ্মী আৰু মনিপুৰ আৰক্ষীয়ে বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলাত যুটীয়
মনিপুৰত নিৰাপত্তা বাহিনীৰ অভিযানত বুজন পৰিমাণৰ অবৈধ মাৰণাস্ত্ৰ জব্দ


ইম্ফল, ২২ আগষ্ট (হি.স.)। মনিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান চলাই নিৰাপত্তা বাহিনীয়ে বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী জব্দ কৰিব সক্ষম হয়। অসম ৰাইফলছ, টেৰিটৰিয়েল আৰ্মী আৰু মনিপুৰ আৰক্ষীয়ে বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলাত যুটীয়া অভিযান চলাই জব্দ কৰে মাৰণাস্ত্ৰ সমুহ।

বিষ্ণুপুৰ জিলাৰ ভাৰত - ম্যানমাৰ সীমান্তৰ ম'ৰে এলেকাৰ জংঘল আৰু চুৰাচান্দপুৰৰ চেখেন অঞ্চলত অভিযান চলাই জব্দ কৰে এই বুজন পৰিমাণৰ মাৰণাস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী সমুহ। অভিযানত মেগজিন সহ

এটা এম ১৫ ৰাইফল, এটা এম এ জি৩ ৰাইফল, এটা পিষ্টল, ৭টা চিংগল বেৰেল গান,২টা পইন্ট টু টু ৰাইফল, ২টা ঘৰত নিৰ্মিত ৰাইফল, ৫ ড্ৰোন বোমা, ৫টা আইডি, এটা টিয়াৰ গেছ গান, ২ গ্ৰেনেড, ১টা এমচিজি ৯ এমকে ৰাইফল,

২টা নাইন এম এম পিষ্টল আৰু বিভিন্ন মাৰনাস্ত্ৰৰ বহুতো গুলি আৰু অন্যান্য আপত্তিজনক সামগ্ৰী জব্দ কৰা হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande