যোগীঘোপাত দুধৰ্ষ ডকাইতক এনকাউণ্টাৰ
যোগীঘোপাত দুধৰ্ষ ডকাইতক এনকাউণ্টাৰ ।
যোগীঘোপাত দুধৰ্ষ ডকাইতক এনকাউণ্টাৰ


বঙাইগাঁও, ২২ আগষ্ট (হি.স.): ৰাজ্যত পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক । যোগীঘোপাত যোৱা কালি শুকুৰবাৰে নিশা দুধৰ্ষ ডকাইতক এনকাউণ্টাৰ কৰা হয় । যোগীঘোপাৰ নৰনাৰায়ণ সেতুৰ সমীপত ডকাইতক লক্ষ্যকৰি আৰক্ষীয়ে গুলী চলায় । আৰক্ষীৰ এনকাউণ্টাৰত আহত গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ দুধৰ্ষ ডকাইত বৰাত আলী ।

উল্লেখ্য় যে দুধৰ্ষ ডকাইত বৰাত আলীক কৃষ্ণাইৰ পৰা গ্ৰেপ্তাৰ কৰে যোগীঘোপা আৰক্ষীয়ে । ডকাইতটোক কৃষ্ণাইৰ পৰা যোগীঘোপা থানালৈ আনি থকাতে যোগীঘোপাৰ নৰনাৰায়ণ সেতুৰ সমীপত প্ৰচাৱ কৰিবলৈ নামে । নিশাৰ এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি যোগীঘোপা থানাৰ এগৰাকী আৰক্ষী কনিষ্টবলক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰে ডকাইতটোৱো । আৰক্ষীয়ে ডকাইতক আটক কৰিবলৈ চেষ্টা কৰে যদিও অৱশেষত ডকাইতক লক্ষ্য কৰি তিনি ৰাউণ্ড গুলী কৰে । দুধৰ্ষ ডকাইতৰ সো ভৰিত এটা গুলি লগাত তেওঁক আটক কৰিবলৈ সক্ষম হয় । পিছত ডকাইতটোক চলন্তাপাৰা সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

ইপিনে দুধৰ্ষ ডকাইতটোৰ আক্ৰমণত আৰক্ষী কনিষ্টবল কমল ৰায় আহত হয় । আৰক্ষীয়ে ডকাইতৰ পৰা এটা এটা পিস্তল উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, যোৱা ১৯ আগষ্টত যোগীঘোপাৰ খেৰপুজীত এক ডকাইতি কাণ্ড সংঘটিত হৈছিল। মেঘালয়ৰ নংষ্টইন পৰা পুৰনি গাড়ী কিনিবলৈ অহা ছয়জনকৈ খাচী লোকক মাৰধৰ কৰি অস্ত্ৰ দেখুৱাই লুটি লৈছিল পাচ লক্ষাধিক টকা । ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত যোগীঘোপা আৰক্ষীয়ে তদন্ত কৰি শুক্ৰবাৰে বিয়লি কৃষ্ণাইৰ পৰা গ্ৰেপ্তাৰ কৰে দুধৰ্ষ ডকাইত বৰাত আলীক। আনহাতে এই ঘটনাৰ পিছত নিশাই ঘটনাস্থলীত উপস্থিত হয় বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নোমাল মাহাত্তা ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande