ইতিহাসৰ পৃষ্ঠাত ২৩ আগষ্টঃ চন্দ্ৰৰ দক্ষিণ মেৰুত উপনীত হৈ যেতিয়া ভাৰতে ইতিহাস ৰচনা কৰিছিল
ভাৰত আৰু বিশ্ব ইতিহাসৰ পাতত ২৩ আগষ্টৰ দিনটো বহু উল্লেখযোগ্য ঘটনাৰ বাবে জনাজাত। ভাৰতৰ বাবে এই দিনটো বিশেষ গৌৰৱ আৰু ঐতিহাসিক কৃতিত্বৰ প্ৰতীক। ২০২৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ চন্দ্ৰযান-৩ বিমানে চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে কোমল অৱতৰণ কৰি ইতিহাস ৰচনা কৰে।
चंद्रयान-3 (फोटो- इसरो सोशल मीडिया एक्स)


ভাৰত আৰু বিশ্ব ইতিহাসৰ পাতত ২৩ আগষ্টৰ দিনটো বহু উল্লেখযোগ্য ঘটনাৰ বাবে জনাজাত। ভাৰতৰ বাবে এই দিনটো বিশেষ গৌৰৱ আৰু ঐতিহাসিক কৃতিত্বৰ প্ৰতীক। ২০২৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ চন্দ্ৰযান-৩ বিমানে চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে কোমল অৱতৰণ কৰি ইতিহাস ৰচনা কৰে। ইয়াৰ লগে লগে ভাৰত চন্দ্ৰপৃষ্ঠত সফলতাৰে অৱতৰণ কৰা বিশ্বৰ চতুৰ্থখন দেশ আৰু চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলত অৱতৰণ কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়।

২০২৩ চনৰ ১৪ জুলাইত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উত্তোলন কৰা চন্দ্ৰযান-৩ য়ে ৪০ দিনীয়া যাত্ৰা সম্পূৰ্ণ কৰি ২০২৩ চনৰ ২৩ আগষ্টৰ সন্ধিয়া ৬:০৪ বজাত চন্দ্ৰৰ দক্ষিণ মেৰুত বিক্ৰম লেণ্ডাৰৰ সফল কোমল অৱতৰণৰ কৰে। এই সফলতা চন্দ্ৰযান-২ৰ অভাৱৰ পৰা শিক্ষা লৈ অৰ্জন কৰা হৈছিল।

চন্দ্ৰযান-৩ৰ সফলতাই বিশ্বৰ আগত ভাৰতৰ মহাকাশ অন্বেষণ ক্ষমতা আৰু বৈজ্ঞানিক দক্ষতাক দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিলে। এই অভিযানৰ সফলতাই সমগ্ৰ দেশতে এক উত্তেজনা আৰু গৌৰৱৰ পৰিৱেশৰ সৃষ্টি কৰে। চন্দ্ৰযান-৩ৰ এই কৃতিত্ব ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছিল। এই ঐতিহাসিক সফলতাৰ স্মৃতিত ভাৰত চৰকাৰে ২৩ আগষ্টক ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে ঘোষণা কৰে। এই দিৱসত দেশৰ বিজ্ঞানী, অভিযন্তা, মহাকাশ গৱেষণাৰ সৈতে জড়িত সকলোৰে অৱদানক সন্মান জনোৱাৰ সুযোগ প্ৰদান কৰা হয়।

গুৰুত্বপূৰ্ণ পৰিঘটনা

১৮২১ - মেক্সিকোৱে স্বাধীনতা ঘোষণা কৰে।

১৮৩৯ - চীনৰ সৈতে হোৱা যুদ্ধত ব্ৰিটেইনে হংকং দখল কৰে।

১৯১৪ - জাপানে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।

১৯৩৯ - তেতিয়াৰ ছোভিয়েট ইউনিয়ন আৰু জাৰ্মানীৰ মাজত অ-আগ্ৰাসন চুক্তি স্বাক্ষৰিত হয়।

১৯৯৯ - ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত স্বীকৃতিৰ বিষয়ত আলোচনা পুনৰ আৰম্ভ হয়।

২০০২ - আমেৰিকাই ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ পৰীক্ষণ বন্ধ কৰে আৰু ইটালীয়ে পাকিস্তানত থকা নিজৰ কনছুলেট বন্ধ কৰাৰ ভাবুকি দিয়ে।

২০০৩ - ব্ৰাজিলত উৎক্ষেপণৰ পূৰ্বে এখন মহাকাশযান বিস্ফোৰণৰ ফলত কমেও ২১ জন লোকৰ মৃত্যু হয়।

২০০৭ - ২০০৭ চনত ইউনেস্কোৰ বিশ্ব স্মৃতি পঞ্জীত ঋগবেদৰ ৩০খন পাণ্ডুলিপি সংযোজন কৰা হয়।

২০০৮ - ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী মধু কোদাই পদত্যাগ কৰে।

২০১২ - ৰাজস্থানত হোৱা প্ৰবল বৰষুণৰ ফলত ৩০ জন লোকৰ মৃত্যু হয়।

লেবাননৰ ট্ৰিপলিত মছজিদত আক্ৰমণ চলাই ৫০ জন লোক নিহত।

২০২৩ - ভাৰতৰ চন্দ্ৰযান-৩ বিমানে চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে কোমল অৱতৰণ কৰি ইতিহাস ৰচনা কৰে।

জন্ম

১৯০২ - এইচ ভি আৰ আয়েংগাৰ - ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ষষ্ঠ গৱৰ্ণৰ আছিল।

১৯১৮ - আজিৰ দিনটোতে আন্না মণি - এগৰাকী ভাৰতীয় পদাৰ্থবিজ্ঞানী আৰু বতৰ বিজ্ঞানী।

১৯১৮ - আজিৰ দিনটোতে মাৰাঠী ভাষাত ৰচনা কৰা এজন বিখ্যাত কবি আৰু সাহিত্যিক আছিল গোবিন্দ বিনায়ক কৰণ্ডিকৰ।

১৯২৩ - বলৰাম জাখৰ - এজন জ্যেষ্ঠ কংগ্ৰেছ নেতা আছিল।

১৯৪৪ - আজিৰ দিনটোতে ছাইৰা বানু - এগৰাকী বিখ্যাত চলচ্চিত্ৰ অভিনেত্ৰী।

১৯৬৮ - কে.কে. (গায়ক) - এজন বিখ্যাত ভাৰতীয় প্লেবেক গায়ক আছিল।

১৯৯৫ - তেজা সজ্জা - এজন ভাৰতীয় অভিনেতা।

মৃত্যু

১৯৭৫ - আজিৰ দিনটোতে বিখ্যাত শাস্ত্ৰীয় সংগীতৰ গায়ক আছিল বিনায়ক্ৰাও পাটৱৰ্ধন।

১৯৯৪ - আৰতি সাহা - ভাৰতৰ এগৰাকী বিখ্যাত মহিলা সাঁতোৰবিদ।

২০০৩ - এ.এন. মূৰ্তি ৰাও - এজন কানাড়া সাহিত্যিক আছিল।

২০১৩ - আজিৰ দিনটোতে ৰঘুবংশ - এগৰাকী বিখ্যাত হিন্দী সাহিত্যিক আৰু সমালোচক।

২০১৮ - আজিৰ দিনটোতে কুলদীপ নায়াৰ - ভাৰতৰ এজন বিখ্যাত সাহিত্যিক আৰু সাংবাদিক আছিল।

গুৰুত্বপূৰ্ণ দিন আৰু অনুষ্ঠান

ৰাষ্ট্ৰীয় মহাকাশ দিৱস

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande