
চিৰাং, ২২ আগষ্ট (হি.স.): চিৰাং জিলাৰ বিজনীৰ পানবাৰী আৰক্ষী থানাৰ অন্তৰ্গত দামুগাঁৱত যোৱা কালি শুকুৰবাৰে বিয়লি এক শোকাৱহ ঘটনা সংঘটিত হয়। এই হৃদয়বিদাৰক ঘটনাত পুখুৰীত ডুবি চাৰিজন নাবালিকা শিশুৰ মৃত্যু হৈছে ।
প্ৰাথমিক তথ্য অনুসৰি, দুপৰীয়া গা ধুবলৈ একেলগে পুখুৰীত নামিছিল শিশু কেইগৰাকী। সেই সময়তে গভীৰ পানীত ডুব যোৱাত স্থানীয় লোকে উদ্ধাৰ অভিযান চলায়। পিছত চিকিৎসালয়লৈ নিয়া হলেও চিকিৎসকে চাৰিওগৰাকীকে মৃত ঘোষণা কৰে। ঘটনাই সমগ্ৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে।নিহত শিশু কেই গৰাকী মাছুমা খাতুন (৮) পঞ্চম শ্ৰেণীৰ ছাত্ৰী, ৰাকিবা খাতুন (৯) চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী, সঞ্জুমা খাতুন (৮) তৃতীয় শ্ৰেণীৰ ছাত্ৰী আৰু
সুহানা পাৰভীন (১০) তৃতীয় শ্ৰেণীৰ ছাত্ৰী আছিল।
উক্ত ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে । ঘটনাস্থলিত উপস্থিত বিজনীৰ মহকুমাধিপতি ইমকুম আই ওজুকুম, বিজনীৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্ত, বিজনী পানবাৰী থানাৰ আৰক্ষী সকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ