শিলচৰ সমষ্টিৰ অন্তৰ্ভুক্ত তাৰাপুৰ জিপিৰ সুধনীপাৰা আৰু নাথপাৰাৰ ২২ টা পৰিয়ালে স্বাধীনতাৰ ৮০ বছৰ পিছতো এটা পথৰ পৰা বঞ্চিত
কাছাৰ, ২২আগষ্ট (হি.স.)। চবকা চাথ, চবকা বিকাশ ৰ এই শ্লোগান দি ক্ষমতা লাভ কৰা বিজেপি চৰকাৰৰ কাৰ্যকালতে এটা পথৰ বাবে দুৰ্বীসহ জীৱন কটাবলগীয়া হৈছে শিলচৰ সমষ্টিৰ এটা অঞ্চলৰ ৰাইজে। পুৰ্বৰ বৰখলা আৰু ডিলিমিটেছনৰ পিছত শিলচৰ সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা তাৰাপুৰ
শিলচৰ সমষ্টিৰ অন্তৰ্ভুক্ত তাৰাপুৰ জিপিৰ সুধনীপাৰা আৰু নাথপাৰাৰ ২২ টা পৰিয়ালে স্বাধীনতাৰ ৮০ বছৰ পিছতো এটা পথৰ পৰা বঞ্চিত


কাছাৰ, ২২আগষ্ট (হি.স.)। চবকা চাথ, চবকা বিকাশ ৰ এই শ্লোগান দি ক্ষমতা লাভ কৰা বিজেপি চৰকাৰৰ কাৰ্যকালতে এটা পথৰ বাবে দুৰ্বীসহ জীৱন কটাবলগীয়া হৈছে শিলচৰ সমষ্টিৰ এটা অঞ্চলৰ ৰাইজে। পুৰ্বৰ বৰখলা আৰু ডিলিমিটেছনৰ পিছত শিলচৰ সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা তাৰাপুৰ জিপিৰ সুধনীপাৰা আৰু নাথপাৰাৰ ২২ টা পৰিয়ালে স্বাধীনতাৰ ৮০ বছৰ পিছতো এটা পথৰ মুখ নেদেখিলে।

গাওঁখনত থকা একমাত্ৰ কেঁচা পথটো বছৰৰ ছয়মাহে পানীৰ তলত ডুব গৈ থাকে। বাৰিষা এই পথটো পথ নে জলাশয় ধৰিবই নোৱাৰি। এক ককাল ভাঙি এই পথটোৰে ছাত্ৰ ছাত্ৰী সকলক কান্ধত তুলি স্কুললৈ অনা-নিয়া কৰিব লাগে অভিভাৱক সকলে। ৰোগী সকলক চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰতো ভীষণ সমস্যাৰ সন্মুখীন হ'ব লগা হয় গাঁওবাসী।

নিৰ্বাচনৰ সময়ত ভোট বিচাৰি ৰাজনৈতিক নেতা সকলে পথটো নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচনত জয়ী হোৱাৰ পিছত তেওঁলোকক আৰু কোনো দিনে দেখা নাপায় গাঁওবাসীয়ে। সেয়ে পথটো মেৰামতি কৰিবলৈ মুখ্যমন্ত্ৰীৰ ওচৰত কাতৰ অনুৰোধ জনাইছে গাঁওবাসীয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande